অসম লাইভ২৪ঃ আগন্তুক ১২ জানুৱাৰী ২০২৪ৰ শুকুৰবাৰে শনিয়ে মকৰত গোচৰ কৰিব। পুহ মাহৰ কৃষ্ণ পক্ষৰ প্ৰতিপদ তিথি। কাইলৈ কেইবাটাও শুভ যোগ থাকিব। এই শুভ যোগসমূহ হৈছে সৰ্বাৰ্থ সিদ্ধি যোগ আৰু হৰ্ষণা যোগ। কালিৰ দিনটোত উত্তৰাষাঢ়া নক্ষত্ৰৰ প্ৰভাৱ থাকিব। ইয়াৰোপৰি শুকুৰবাৰ হৈছে লক্ষ্মীৰ প্ৰিয় দিন। লক্ষ্মীৰ আশীৰ্বাদ কাইলৈৰ দিনটোত ৫ ৰাশিৰ ওপৰত থাকিব। আৰ্থিকভাৱে এই ৫ ৰাশিৰ জাতক বিশেষভাৱে লাভৱান হ’ব। পৰিয়ালত সুখ আৰু শান্তি বৰ্তি থাকিব এই ৫ ৰাশিৰ জাতকৰ।
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকসকলৰ ঘৰত বিলাসিতাৰ পৰিবেশ বৰ্তি থাকিব। আৰামৰ দিন পাৰ কৰিব এই ৰাশিৰ জাতকে। উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভৰো যোগ আছে বৃষ ৰাশিৰ জাতকৰ। পৰিয়ালত সুখৰ পৰিবেশ থাকিব। সন্ধিয়া ঘৰলৈ বিশেষ কোনো অতিথিৰ আগমন হ’ব পাৰে। কাৰ্যালয়ত আপুনি প্ৰশংসা বুটলিব।
কৰ্কট ৰাশি
শুক্ৰবাৰে হৰ্ষণা যোগৰ প্ৰভাৱত দিনটো শুভ হ’ব কৰ্কট ৰাশিৰ জাতকৰ। আপোনাৰ পৰিয়ালৰ সদস্যসকলে কাইলৈৰ দিনটোত আপোনাক ছাৰপ্ৰাইজ পাৰ্টি দিব পাৰে। বন্ধুৰ সৈতে ভাল সময় কটাব। সন্তানৰ বিষয়ে কোনো ভাল খবৰ পাব পাৰে। হাতলৈ ধন আহিব। সমাজত সুনাম বাঢ়িব আপোনাৰ।
সিংহ ৰাশি
কাইলৈ ব্যৱসায়িক কামত শুভ ফল লাভ কৰিব সিংহ ৰাশিৰ জাতকে। কাকো ধন ধাৰলৈ নিদিব। কামৰ বাবে ভ্ৰমণৰো যোগ আছে। সন্তানৰ পঢ়াশুনা সংক্ৰান্তিয় ভাল খবৰ পাব পাৰে। সন্ধিয়া পৰিয়ালৰ লোকৰ সৈতে আনন্দৰ সময় কটাব। আৰ্থিকভাৱে লাভৱান হোৱাৰো যোগ আছে।
ধনু ৰাশি
লক্ষ্মীৰ আশীৰ্বাদ ধনু ৰাশিৰ জাতকৰ ওপৰতো থাকিব। নতুন সম্পত্তি কাইলৈৰ দিনটোত ক্ৰয় কৰিব পাৰে। কোনো আত্মীয়ৰ পৰা সু সংবাদ লাভ কৰিব পাৰে ধনু ৰাশিৰ জাতকে।
মীন ৰাশি
কাইলৈ সৰ্বাৰ্থ সিদ্ধি যোগৰ প্ৰভাৱত উত্তৰাধিকাৰ সূত্ৰে কিছু অৰ্থ লাভ কৰিব পাৰে। পুৰণা বন্ধুৰ সৈতে দেখা দেখি হ’ব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ