আজি ২১ ফেব্ৰুৱাৰী ২০২৫ শুকুৰবাৰ৷ চন্দ্ৰই আজি দিনজুৰি বৃশ্চিক ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি আজি ফাগুনৰ কৃষ্ণা অষ্টমী তিথি৷ আজি পুৱা ১১ বাজি ৫৭ মিনিট পৰ্যন্ত কৃষ্ণা অষ্টমী তিথি থাকিব৷ তাৰপাছতেই আৰম্ভ হ’ব কৃষ্ণা নৱমী তিথি৷ জ্যোতিষ গণনা অনুসৰি আজি ব্যাঘাত যোগ আৰু হৰ্ষণা যোগৰ প্ৰভাৱ থাকিব৷ ইয়াৰোপৰি আজি থাকিব প্ৰথমে শুক্ৰ আৰু বৃহস্পতিৰ ৰাশি পৰিবৰ্তন যোগ৷ আজি প্ৰথমে আছে অনুৰাধা আৰু পাছত জ্যেষ্ঠা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত শুক্ৰবাৰ হৈছে মা লক্ষ্মীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি আজি কেইটামান ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
বৃষ ৰাশি
আজি ২১ ফেব্ৰুৱাৰী দুৰ্দান্ত দিন কটাব বৃষ ৰাশিৰ জাতকে৷ আজি বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পাব আপুনি৷ নিজৰ পেছাগত জীৱনত কোনো ভাল খবৰ পাব পাৰে৷ কাৰ্যালয়ত ছিনিয়ৰ আৰু বছৰ সমৰ্থন থাকিব আপোনাৰ ওপৰত৷ নিজৰ বুদ্ধিৰ জোৰত কেৰিয়াৰত উন্নতি কৰিব পাৰিব৷ লক্ষ্মীৰ কৃপাৰ নিজৰ অসম্পূৰ্ণ কাম আজি সম্পূৰ্ণ কৰিব পাৰিব বৃষ ৰাশিৰ জাতকে৷
কৰ্কট ৰাশি
তুলা ৰাশি
মকৰ ৰাশি
অনুৰাধা নক্ষত্ৰৰ প্ৰভাৱত আজি শুভ দিন চলিব মকৰ ৰাশিৰ জাতকৰ৷ আজি নিজৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল লাভ কৰিব৷ ব্যক্তিগত আৰু পেছাগত জীৱনত শুভ ফল পাব মকৰ ৰাশিৰ জাতকে৷ আজি আপোনাৰ মনত সুখ আৰু শান্তি থাকিব৷ কেৰিয়াৰত বৃহৎ উন্নতিৰ যোগ আছে৷ চাকৰি বা পঢ়াশুনাৰ বাবে বিদেশলৈ যোৱাৰ সুযোগ পাব পাৰে৷
মীন ৰাশি
আজি ২১ ফেব্ৰুৱাৰী শুকুৰবাৰে মা লক্ষ্মীৰ আশীৰ্বাদ থাকিব মীন ৰাশিৰ জাতকৰ ওপৰত৷ আজি আপোনাৰ মনৰ সকলো ইচ্ছাপূৰ্ণ হ’ব পাৰে৷ ব্যৱসায়ত বৃহৎ সাফল্য পোৱাৰ যোগ আছে আপোনাৰ৷ আজি অসহায় দৰিদ্ৰক সহায়ৰ হাত আগবঢ়াই দিব মীন ৰাশিৰ জাতকে৷ প্ৰেম জীৱনৰ বাবে আজিৰ দিনটো খুবেই ভাল৷ সংগীৰ সৈতে ৰোমাণ্টিত ডিনাৰলৈ যাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ