অসম লাইভ২৪ঃ ২৯ ডিচেম্বৰ অৰ্থাৎ আজি স্বৰাশি কৰ্কটত গোচৰ কৰিব চন্দ্ৰই। ইয়াৰোপৰি আজি হৈছে পুহ মাহৰ কৃষ্ণপক্ষৰ তৃতীয়া। আজিৰ দিনটো অত্যন্ত শুভ দিন। কাৰণ আজি কেইবাটাও শুভ যোগ গঠিত হৈছে। শুকুৰবাৰে থকা শুভ যোগসমূহ হৈছে লক্ষ্মী নাৰায়ণ যোগ, অমৃত সিদ্ধি যোগ, গুৰু পুষ্য যোগ। আজিয়েই বৃশ্চিক ৰাশিত যুঁটি বান্ধিছে বুধ আৰু শুক্ৰই। যেতিয়া কোনো ৰাশিত বুধ আৰু শুক্ৰ একত্ৰিত হয় তেতিয়াই লক্ষ্মী নাৰায়ণ যোগ গঠিত হয়। ইয়াৰোপৰি শুকুৰবাৰ দিনটো হৈছে মা লক্ষ্মীৰ দিন। লক্ষ্মী নাৰায়ণ যোগৰ প্ৰভাৱত কোন কোন ৰাশিৰ জাতকৰ সৌভাগ্য লাভ হ’ব?
মেষ ৰাশি
২৯ ডিচেম্বৰত অমৃত সিদ্ধি যোগৰ প্রভাৱত ভাল দিন চলিব মেষ ৰাশিৰ জাতকৰ। মা লক্ষ্মীৰ আশীৰ্বাদ থাকিব আপোনাৰ ওপৰত। ধৰ্মীয় বিষয়ত আপোনাৰ মনোযোগ বাঢ়িব। পৰিয়ালৰ সদস্যসকলৰ সৈতে ধৰ্মীয় কোনো কামতো যুক্ত হ’ব মেষ ৰাশিৰ জাতকসকল। চাকৰিসূত্ৰে আপুনি কোনো সুসংবাদ লাভ কৰিব পাৰে। ইয়াৰফলত আপোনাৰ মনত আনন্দ থাকিব। আৰ্থিক পৰিস্থিতি ভালেই থাকিব মেষ ৰাশিৰ জাতকৰ।
মিথুন ৰাশি
গুৰু পুষ্য যোগৰ প্রভাৱত লাভৱান হ’ব মিথুন ৰাশিৰ জাতক। আপুনি নিজৰ দক্ষতা আৰু প্ৰতিভাৰ বিকাশ ঘটোৱাৰ সুযোগ পাব। নিজৰ স্বামীৰ ঘৰৰ পৰা মহিলাসকলে ভাল খবৰ পাব পাৰে। কোনো সমস্যা আপোনাৰ জীৱনত থাকিলে সেই সমস্যাৰ পৰাও মুক্তি লাভ কৰিব মিথুন ৰাশিৰ জাতকে। পৰিয়ালৰ সদস্যৰ পৰা সকলো দিশতে পূৰ্ণ সমৰ্থন লাভ কৰিব। লক্ষ্মীৰ কৃপাত আৰ্থিক লাভ হ’ব।
কৰ্কট ৰাশি
পুষ্য নক্ষত্ৰৰ প্ৰভাৱত লাভৱান হ’ব কৰ্কট ৰাশিৰ জাতক। আজিৰ দিনটো বিলাসবহুলভাৱে কটাব এই ৰাশিৰ জাতকে। অংশীদাৰিত্বৰ ব্যৱসায় কৰিলে আপুনি আৰ্থিকভাৱে লাভৱান হ’ব। শুক্ৰৰ আশীৰ্বাদ থাকিব কৰ্কট ৰাশিৰ জাতকৰ ওপৰত। লিখাপঢ়াত ভাল ফলাফল দেখুৱাব কৰ্কট ৰাশিৰ জাতকে। সাফল্যৰ জখলা বগাব এই ৰাশিৰ জাতকে। আপোনাৰ ব্যক্তিত্বত বহুতেই আকৰ্ষিতও হ’ব।
কন্যা ৰাশি
আজিৰ দিনটো লাভজনক হ’ব কন্যা ৰাশিৰ জাতকৰ। নিজৰ পৰিয়ালৰ সৈতে ভাল সময় কটাব আপুনি। টকা বিনিয়োগ কৰিলে আপুনি আৰ্থিকভাৱে লাভৱান হ’ব। চৰকাৰী প্ৰকল্পৰ পৰাও আপুনি লাভৱান হ’ব। আপোনাৰ সামাজিক প্ৰভাৱ আৰু প্ৰতিপত্তি বাঢ়িব। সংসাৰৰ কোনো সমস্যা থাকিলে আঁতৰ হ’ব। সন্তানৰ সৈতে কোৱালিটি টাইম কটাব পাৰিব।
মকৰ ৰাশি
লক্ষ্মী নাৰায়ণ যোগৰ শুভ প্ৰভাৱ মকৰ ৰাশিৰ জাতকৰ ওপৰতো থাকিব। কাইলৈ মা লক্ষ্মীৰ আশীৰ্বাদ আপোনাৰ ওপৰত বৰ্তী থাকিব। সন্তানৰ দিশৰ পৰা কোনো সুখবৰ আপুনি লাভ কৰিব। যিসকলে চাকৰি লাভৰ চেষ্টা কৰি আছে তেওঁলোকে কোনো ভাল খবৰ লাভ কৰিব। কাৰ্যালয়ত আপোনাৰ সৈতে সকলোৰে সম্পৰ্ক ভালেই থাকিব। কোনো গুৰুত্বপূৰ্ণ কাম কৰিলে আপুনি সম্পূৰ্ণ কৰিব পাৰিব। আত্মবিশ্বাসৰ বাবেই মকৰ ৰাশিৰ জাতকসকলে যিকোনো কামত সফল হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ