বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি, প্ৰায় প্ৰতিমাহত একাধিক গ্ৰহই ৰাশিচক্ৰ পৰিবৰ্তন কৰে, যিয়ে মানুহৰ জীৱনক প্ৰভাৱিত কৰে৷ জ্যোতিষশাস্ত্ৰ অনুসৰি আজি অৰ্থাৎ ১৫ ছেপ্টেম্বৰৰ দিনটো খুবেই বিশেষ৷ আজি দুটাকৈ বৃহৎ গ্ৰহই একেলগে গতিপথ সলনি কৰিব৷ গ্ৰহৰ ৰাজপুত্ৰ বুধে আজি নিজস্ব ৰাশি কন্যা ৰাশিত প্ৰৱেশ কৰিব৷ বুধক বুদ্ধি, বাক, যুক্তি, শিক্ষা আৰু ব্যৱসায়ক কাৰক হিচাপে বিবেচনা কৰা হয়৷
ইয়াৰোপৰি বস্তুগত আৰাম, বৈবাহিক জীৱন, প্ৰেম, শিল্প, সৌন্দৰ্য আৰু জাকজমকতাৰ কাৰক হিচাপে বিবেচিত শুক্ৰই আজি তাৰ ৰাশি পৰিবৰ্তন কৰিব৷ শুক্ৰই কৰ্কট ৰাশি এৰি সিংহ ৰাশিত প্ৰৱেশ কৰিব৷ সিংহ ৰাশি এটা অগ্নিময় ৰাশি আৰু ইয়াত শুক্ৰৰ প্ৰৱেশে জীৱনলৈ নতুন দীপ্তি আৰু আত্মবিশ্বাস কঢ়িয়াই আনিব৷ এই দুই ৰাশিৰ ৰাশিচক্ৰ পৰিবৰ্তন কিছু ৰাশিৰ বাবে অশুভ৷ আকৌ কিছু ৰাশিৰ জাতকৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব৷ জানি থওক কোন কোন ৰাশিৰ জাতক এই দুটা গ্ৰহৰ ৰাশি পৰিবৰ্তনৰ ফলত উপকৃত হ’ব৷
মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ বাবে এই দিনটো খুবেই শুভ হব৷ কৰ্মক্ষেত্ৰত নতুন শক্তি আহিব৷ এই সময়ত শিক্ষাৰ্থীসকলৰ পঢ়াশুনাত একাগ্ৰতা বৃদ্ধি পাব৷ আপোনাৰ সম্পৰ্কত মাধুৰ্য থাকিব৷ বিবাহিত জীৱনত প্ৰেম বৃদ্ধি পাব৷ এই সময়ত শিল্প আৰু সৃজনশীল ক্ষেত্ৰৰ সৈতে যুক্ত ব্যক্তিৰ বাবে সুযোগৰ ঝৰ্ণা হৈ আহিব৷ ব্যৱসায়ত প্ৰচুৰ লাভ হব পাৰে৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো খুবেই ফলপ্ৰসূ হব৷ নতুন যোগাযোগ তৈয়াৰ কৰিব৷ এই সময়ত ব্যৱসায়ী আৰু কৰ্মজীৱী পেছাদাৰসকললৈ নতুন কিছু সুযোগ আহিব পাৰে৷ আপুনি আপোনাৰ কৰ্মজীৱনৰ উচ্চতালৈ গতি কৰিব৷ আপুনি কোনো উচ্চপদ অৰ্জন কৰিব৷ সন্মান বৃদ্ধিৰ সম্ভাৱনা৷ ঘৰ আৰু পৰিয়ালত শান্তি আৰু সুখৰ পৰিবেশ থাকিব৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকৰ বাবে এই ৰাশি পৰিবৰ্তনে জীৱনলৈ ইতিবাচকতা আনিব পাৰে৷ কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম ফলপ্ৰসূ হব৷ চিনিয়ৰে আপোনাৰ কামত মুগ্ধ হব৷ আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হব৷ বিনিয়োগৰ পৰা লাভ পোৱাৰো সম্ভাৱনা আছে৷ প্ৰেমৰ সম্পৰ্ক আৰু গভীৰ হব আৰু বিবাহিত জীৱন সুখকৰ হৈ উঠিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















