অসম লাইভ ২৪ঃ অভিলেখ সৃষ্টিৰ দিশে পেট্ৰ’ল-ডিজেলৰ দাম। চৰকাৰী তৈল কোম্পানীসমূহে পুনৰ বৃদ্ধি কৰিছে ইন্ধনৰ মূল্য। দৈনিক হোৰাহোৰে বৃদ্ধি পাইছে পেট্ৰ’ল আৰু ডিজেলৰ দাম। মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম বৃদ্ধি হৈছে ১০২ টকালৈ আৰু ডিজেলৰ দাম বৃদ্ধি হৈছে ৯৩.৮৫ টকালৈ। বুধবাৰে প্ৰতিলিটাৰ ইন্ধনত ২৫ পইচাকৈ বৃদ্ধি কৰিছে তৈল কোম্পানীসমূহে। মে’ মাহৰ পৰা ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে ইন্ধনৰ দাম। যোৱা ২১ দিনত প্ৰতিলিটাৰ পেট্ৰ’লত ৪.৯৯ টকা বৃদ্ধি পাইছে আৰু ডিজেলৰ দাম বৃদ্ধি পাইছে ৫.৪৪ টকা। ৰাজধানী দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ দাম ক্ৰমে ৯৫.৫৬ আৰু ৮৬.৪৭ টকা। আনহাতে, ভূপাল আৰু জয়পুৰতো শতক অতিক্ৰম কৰিছে ইন্ধনৰ দামে। ভূপালত পেট্ৰ’লৰ দাম ১০৩.৭১ টকা আৰু ডিজেলৰ দাম৯৫.০৫ টকা। একেদৰে জয়পুৰত প্ৰতিলিটাৰ পেট্ৰ’লত ১০২.১৪ টকা আৰু ডিজেলৰ দাম ৯৫.৩৭ টকা। উল্লেখ্য, দেশৰ তৈল কোম্পানী HPCL, BPCL আৰু IOC এ পুৱা ৬ বজাৰ পৰা জাৰি কৰে নতুনকৈ নিৰ্ধাৰিত ইন্ধনৰ দাম।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ