অসম লাইভ ২৪ঃ মহিলাই সন্তান জন্ম দিয়া কোনো অস্বাভাৱিক কথা নহয়, ই প্ৰকৃতিৰ নিয়ম। কিন্তু কেতিয়াবা ঘটা দুই এক ঘটনাই সকলোকে আচৰিত কৰি তোলে। দখল কৰে সংবাদ শিৰোনাম। তেনে এটা ঘটনা ঘটিছে দক্ষিণ আফ্ৰিকাত। এগৰাকী মহিলাই সন্তান জন্ম দি গঢ়িছে বিশ্ব ৰেকৰ্ড। একেলগে ১০ টা শিশু জন্ম দি গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্তি গোচিয়ামী ধামাৰা চিথোল নামৰ ৩৭ বছৰীয়া মহিলাগৰাকীৰ। পূৰ্বৰ ৰেকৰ্ড ভংগ কৰিছে গোচিয়ামী ধামাৰা চিথোলে। ৭ জুন তাৰিখে সন্তান জন্ম দিয়ে মহিলাগৰাকীয়ে। আটাইকেইটা সন্তানত সুস্থ অৱস্থাত দেখি সুখী হৈছে পৰিয়ালৰ লোকসকলো। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, গোচিয়ামীৰ ১০টা শিশুৱেই স্বাস্থ্যৱান কিন্তু কিছুদিন ইনকিউবেটৰত ৰাখিব লাগিব। গোচিয়ামীৰ স্বামীয়ে কয়, স্বাভাৱিকভাৱেই গৰ্ভধাৰণ কৰিছিল গোচিয়ামীয়ে কিন্তু গৰ্ভধাৰণৰ পাছত কেইবাবাৰো সমস্যাৰ সন্মুখীন হৈছিল। গোচিয়ামীৰ ভৰিৰ আৰু কঁকালৰ বিষ থকাৰ বাবে হোৱা অসুবিধা সন্তানকেইটাৰ বাবে বিপদজনক হ’ব বুলি চিন্তিত হৈছিল চিথোল দম্পতি। অৱশেষত সকলো সুকলমে সম্পন্ন হোৱাৰ লগতে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱাত সুখী হৈছে পৰিয়ালৰ লগতে সন্তানৰ পিতৃ-মাতৃ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















