দেশত পুনৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হৈছে।শনিবাৰে পেট্ৰ’ল প্ৰতি লিটাৰত ৭৬ৰ পৰা ৮৪ পইচা আৰু ডিজেল ৭৬ৰ পৰা ৮৫ পইচা বৃদ্ধি হৈছে। যোৱা পাঁচ দিনত পেট্ৰ’ল আৰু ডিজেলৰ মূল্যৰ এইটো চতুৰ্থ বৃদ্ধি।
পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পিছতহে ইন্ধনৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছিল। নিৰ্বাচনৰ পিছত মাত্ৰ পাঁচ দিনতে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য তিনি টকাতকৈ অধিক বৃদ্ধিয়ে সাধাৰণ গ্ৰাহকৰ চিন্তা বৃদ্ধি কৰিছে।
দিল্লীত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতিটোত ৮০-৮০ পইচা বৃদ্ধি কৰা হৈছে। দিল্লীত পেট্ৰ’লৰ মূল্য এতিয়া প্ৰতি লিটাৰত ৯৮.৬১ টকা হ’ব, যি আগতে ৯৭.৮১ টকা আছিল।
লগতে পঢ়়ক উদ্ধৱ থাকৰেৰ মাৰাঠী জাতীয়তাবাদ : চলিব কেৱল মাৰাঠী, প্ৰশাসনত নিষিদ্ধ হিন্দী, ইংৰাজী!
আনহাতে, ডিজেল প্ৰতি লিটাৰত ৮৯.০৭ টকাৰ পৰা ৮৯.৮৭ টকালৈ বৃদ্ধি কৰা হৈছে। মুম্বাইত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৮৪ পইচা বৃদ্ধি হৈ ১১৩.৩৫ টকা আৰু ডিজেলৰ মূল্য ৮৫ পইচা বৃদ্ধি হৈ প্ৰতি লিটাৰত ৯৭.৫৫ টকা হৈছে।
আনহাতে, কলকতাত পেট্ৰ’লৰ মূল্য ৮৩ পইচা বৃদ্ধি হৈ প্ৰতি লিটাৰত ১০৮.১ টকা আৰু ডিজেল ৭৯ পইচা বৃদ্ধিৰে প্ৰতি লিটাৰত ৯৩.০১ টকা হৈছে। ইফালে চেন্নাইত পেট্ৰ’লৰ মূল্য ৭৬ পইচা বৃদ্ধি কৰি প্ৰতি লিটাৰত ১০৪.৪৩ টকা আৰু ডিজেলৰ মূল্য ৭৬ পইচা বৃদ্ধি কৰি প্ৰতি লিটাৰত ৯৪.৪৭ টকা কৰা হৈছে।
লগতে পঢ়়ক ৪ বছৰীয়া পুত্ৰ আৰু পত্নীক এৰি আলফা(স্বা)ত যোগদান বৰপেটাৰ ধনজিতৰ
২২ মাৰ্চত সংশোধিত হাৰ মুকলি কৰাৰ সময়ত, দেশত প্ৰায় চাৰে চাৰি মাহৰ দীঘলীয়া ব্যৱধানৰ পিছত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছিল।
উত্তৰ প্ৰদেশ আৰু পঞ্জাৱসহ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ উপলক্ষে কেন্দ্ৰ চৰকাৰে যোৱা ৪ নৱেম্বৰৰ পৰা ইন্ধনৰ মূল্য বৃদ্ধি কৰা নাছিল।এই সময়ছোৱাত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত প্ৰায় ৩০ আমেৰিকান ডলাৰ বৃদ্ধি পাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ