আজি মংগলে ৰাশি পৰিৱৰ্তন কৰি মকৰ ৰাশিত প্ৰৱেশ কৰিলে৷ প্ৰথমৰে পৰা মকৰ ৰাশিত বুধ আৰু শনি বিৰাজমান হৈ আছে৷ মকৰ ৰাশিত ৩ গ্ৰহ যুতি বান্ধিছে৷ জ্যোতিষ শাস্ত্ৰত গ্ৰহসমূহৰ যুতি বন্ধাটো অতি মহত্বপূৰ্ণ৷ ই সকলো ৰাশিতে প্ৰভাৱ বিস্তাৰ কৰে৷ কিছুমান ৰাশিত সুফল আৰু কিছুমানত কুফল পৰাৰ সম্ভাৱনা থাকে৷ ইয়াৰ ফলত কোন কোন ৰাশিৰ লোকৰ কি কি প্ৰভাৱ পৰিব সেই বিষয়ে চাওক…
মেষ ৰাশিঃ এই ৰাশিৰ লোকৰ আত্মবিশ্বাস শীৰ্ষত থাকিব৷ জীৱন সংগীৰ ওপৰত নজৰ ৰখা ভাল৷
বৃষ ৰাশিঃ বৃষ ৰাশিৰ লোকৰ মাতৃৰ স্বাস্থ্য উন্নত হ’ব৷ জীৱন প্ৰণালীত অলপ জটিলতাৰ সৃষ্টি হ’ব পাৰে৷ ব্যৱসায় সংক্ৰান্তত মিত্ৰৰ সহযোগিতা লাভ কৰিব৷
মিথুন ৰাশিঃ এই ৰাশিৰ ব্যৱসায়িক সংক্ৰান্তত বিদেশ যাত্ৰাৰ সুযোগ আহিব পাৰে৷ যাত্ৰা লাভদায়ক হ’ব৷ কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ মাত্ৰা বৃদ্ধি পাব৷
কৰ্কট ৰাশিঃ ঘৰুৱা সুখ বৃদ্ধি পাব৷ ঘৰ-পৰিবাৰত ধর্মীয় কাৰ্যক্ৰম সম্পন্ন হ’ব৷ খৰচৰ মাত্ৰা বৃদ্ধি পাব৷ পিতৃৰ সহযোগ লাভ কৰিব৷
সিংহ ৰাশিঃ কোনো মিত্ৰৰ আগমন হ’ব পাৰে৷ পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যাত্ৰা কৰাৰ সুযোগ আহিব পাৰে৷
কন্যা ৰাশিঃ শৈক্ষিক দিশত সফলতা লাভ কৰিব৷ শাসন-ক্ষমতা আদিতো সহযোগিতা লাভ কৰিব৷ ব্যৱসায়ত কঠিনতা আহিব পাৰে৷
তুলা ৰাশিঃ পাৰিবাৰিক জীৱন সুখময় হ’ব৷ কোনো মিত্ৰৰ সহযোগত আয় বৃদ্ধি হ’ব পাৰে৷ কিন্তু ব্যয়ও বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷
বৃশ্চিক ৰাশিঃ চাকৰিত স্থান পৰিৱৰ্তনৰ যোগ আছে৷ কৰ্মক্ষেত্ৰৰো পৰিৱৰ্তন হ’ব পাৰে৷ পৰিশ্ৰম অধিক হ’ব৷ আয় বৃ্দ্ধি হ’ব৷
ধনু ৰাশিঃ মানসিক শান্তি থাকিব৷ তথাপিও সতৰ্ক হৈ থাকিব৷ চাকৰিৰ ক্ষেত্ৰত বাহিৰলৈ যাত্ৰা কৰিবলগীয়া হ’ব পাৰে৷ শৈক্ষিক ক্ষেত্ৰত সফলতা লাভ কৰিব৷
মকৰ ৰাশিঃ শৈক্ষিক ক্ষেত্ৰত শুধৰণি আহিব৷ ব্যৱসায়িক আমদানি-ৰপ্তানিত সুফল লাভ কৰিব৷ আয় বৃ্দ্ধি হ’ব৷ যাত্ৰাও লাভদায়ক হ’ব৷
কুম্ভ ৰাশিঃ সতৰ্ক হৈ থাকিব৷ ব্যৱসায়ীৰ বাবে বিদেশ যাত্ৰাৰ যোগ আছে৷ লাভ হ’ব৷ স্বাস্থ্যৰ প্ৰতিও সচেষ্ট হৈ থকা ভাল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ