জুবিন গাৰ্গৰ ন্যায় বিচাৰি আকৌ এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে গৰিমা শইকীয়া গাৰ্গৰ৷ সামাজিক মাধ্যমত গৰিমাই লিখিছে- কালি সামাজিক মাধ্যমত মই এটা প’ষ্ট দিছিলোঁ । যিটোৰ মাত্ৰ শেষৰ অংশখিনিহে হয়তো ৰাইজৰ চকুত পৰিছে । অনুগ্ৰহ কৰি গোটেই কথাখিনি পঢ়ক।
ছিংগাপুৰ পুলিচৰ লগত আৰম্ভণিৰে পৰা আমাৰ যোগাযোগ চলি আছিল আৰু আমাৰ পৰা প্ৰয়োজনীয় সকলো তথ্য,ভাষ্য, জুবিনৰ বিষয়ে জানিবলগীয়া বহু কথা (এই case টোৰ সন্দৰ্ভত , আকস্মিক এই অকল্পনীয় ঘটনাটো লৈ আমাৰ মতামত ইত্যাদি ইমেইল, ভিডিঅ’ কনফাৰেন্সিং আৰু whatsapp ৰ জৰিয়তে ইতিমধ্যেই তেওঁলোকলৈ পঠোৱা হৈছে । তাৰ ওপৰত তেখেতসকলে কেইবাবাৰো আলোচনাও কৰিছে।
আমাৰ অসমৰ তদন্তৰ কথাও জনোৱা হৈছে। কিন্তু তেখেতসকলে যিহেতু নিজাববীয়াকৈও তদন্ত চলাই আছে, গতিকে তেওঁলোকৰ তদন্ত সম্পূৰ্ণ individual এটা process বুলিও প্ৰতিবাৰে উল্লেখ কৰিছে। দুখন দেশৰ মাজৰ এটা তদন্ত আৰু ন্যায় প্ৰক্ৰিয়াৰ প্ৰতি সন্মান জনাই আমি মুকলিকৈ অথবা সামাজিক মাধ্যমৰ জৰিয়তে কোনো কথা প্ৰচাৰ কৰি থকা নাছিলোঁ। তদন্তকাৰী বিষয়া সকলেও নিবিচাৰে অথবা আমি কোনেও কিছুমান প্ৰয়োজনীয় আইনী নিয়ম উলংঘা কৰি সমগ্ৰ ব্যৱস্থাটোত প্ৰভাৱ পৰাকৈ সকলোবোৰ কথা পাতি থকাটো অনুচিত। সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়। গতিকে, সকলো গুণী জ্ঞানী ৰাইজে ন্যায় আৰু তদন্ত যাতে দুয়োখন দেশতে নিকপকপিয়াকৈ হওঁক আৰু আমাৰ লক্ষ্য অপশক্তিৰ দমন যুঁজত অসুৰ হত্যা নিশ্চিত হওঁক সেই দিশত সন্মিলিত হৈ ইজনে সিজনৰ হাতে হাত ধৰি সহায় সহযোগিতাৰে আগবঢ়াৰ এক পৰিৱেশ সৃষ্টি কৰক। বিশ্বাস আৰু প্ৰাৰ্থনাৰ লগতে সন্তুলিত আৰু সুস্থিৰ চিন্তাইহে সঠিক বাট গঢ়িব পাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ