হাতত মাত্ৰ কেইটামান দিন৷ কোটিপতি ব্যৱসায়ী গৌতম আদানিৰ সৰু পুত্ৰ জিৎ আদানীৰ বিয়া৷ দিব্যা শ্বাহৰ সৈতে শুভ পৰিণয় হ’ব জীতৰ৷ বিয়াৰ পূৰ্বে সেয়ে এক মঙ্গলসেৱা অনুষ্ঠান আয়োজন কৰিলে আদানীয়ে৷ তাতেই তেওঁ ৫০০ গৰাকী বিশেষভাৱে সক্ষম লোকক ১০ লাখ টকাকৈ দিয়াৰ কথা ঘোষণা কৰিলে৷
এই কাম কৰি গৌতম আদানীয়ে জনাইছে যে তেওঁ মানসিকভাৱে শান্তি পাইছে৷ এগৰাকী পিতা হিচাপে তেওঁ নিজৰ পুত্ৰৰ কথা ভৱাই নহয় অইন ৫০০গৰাকী কন্যাৰ কথাও ভাৱিছে৷ নিজৰ এক্স হেণ্ডেলত সেই ছবি তেওঁ নিজেই শ্বেয়াৰ কৰি লিখিছে এই কথা৷ গৌতম আদানীয়ে লিখিছে, ‘আমাৰ সন্তান জিৎ আৰু দিব্যাৰ বিয়াত ইয়াতকৈ ভাল উপহাৰ আৰু একো হ’ব নোৱাৰে৷ এই কামে জিৎ আৰু দিব্যাকো মানসিক শান্তি দিব৷ এই কামৰ মাধ্যমেৰে ৫০০ গৰাকী ভনীয়েকৰ বিয়াও হৈ যাব৷ এই মঙ্গল সেৱা কৰি মই নিজেও মানসিক শান্তি লাভ কৰিছো৷ সঠিক কামৰ সঠিক ফলক মই বিশ্বাস কৰো৷ সেয়ে মই এইকামৰ সৈতে নিজকে নিয়োজিত কৰিলো৷ এই সমস্ত কন্যাৰ আশীৰ্বাদে মোৰ পুত্ৰ আৰু পুত্ৰবধূক সমৃদ্ধ কৰিব৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















