এই বিশেষ ৰত্ন পৰিধান কৰে নেকি! তেন্তে নিশাটোৰ ভিতৰতে হ’ব পাৰিব ধনাঢ্য
জ্যোতিষ শাস্ত্ৰত ৰত্ন পৰিধানৰ বিশেষ গুৰুত্ব আছে। কিছুমান এনে ৰত্ন আছে, যাৰ মাহাত্ম্য অতি অধিক। লগতে ইয়াৰ পৰিণামো সকৰাত্মক। এই ৰত্ন বোৰে এজন ব্যক্তিৰ জীৱনলৈ মান – সন্মান- ধন – ঐশ্বৰ্য আদি সকলো ক্ষোত্ৰতে শ্ৰী-বৃদ্ধি কৰে। আপুনিয়ো এই বিশেষ ৰত্ন পৰিধান কৰি হব পাৰে ঐশ্বৰ্যশালী।
মুকুতা-
মুকুতা চন্দ্ৰৰ ৰত্ন বুলি ধৰা হয়। যিয়ে মনক শান্তি আৰু স্থিৰতা প্ৰদান কৰে। ইয়াক পিন্ধিলে মানসিক চাপ কমি যায় আৰু আৱেগিক ভাৰসাম্য বজাই ৰখাত সহায় কৰে। এই ৰত্নই এজন ব্যক্তিৰ অন্তৰ্নিহিত সৌন্দৰ্য্য বৃদ্ধি কৰে আৰু ধন-সম্পত্তি আৰু সমৃদ্ধিৰ পথ মুকলি কৰে। যিসকলৰ মন সঘনাই বিচলিত বা চিন্তাত নিমগ্ন হয় তেওঁলোকৰ বাবে মুকুতা অতি উপকাৰী।
প্ৰবাল-
মংগল গ্ৰহৰ ৰত্ন প্ৰবালে সাহস আৰু আত্মবিশ্বাস বৃদ্ধিত সহায় কৰে। ইয়াক পিন্ধিলে আপোনাৰ শক্তি বৃদ্ধি পায় আৰু আপুনি অধিক সক্ৰিয় অনুভৱ কৰে। এই ৰত্নই ৰক্তচাপ নিয়ন্ত্ৰণত আৰু হৃদৰোগ প্ৰতিৰোধত সহায় কৰে। যিসকলে নিজৰ জীৱনত সাহসী আৰু ইতিবাচক পৰিৱৰ্তন বিচাৰে তেওঁলোকৰ বাবে প্ৰবাল একেবাৰে উপযুক্ত।
পান্না-
পান্না হৈছে বুধ গ্ৰহৰ ৰত্ন, যিয়ে বুদ্ধিমত্তা আৰু বিবেচনাক চোকা কৰে। শিক্ষা আৰু ব্যৱসায়ত সফলতা কঢ়িয়াই অনা বুলি জনা যায়। ইয়াক পিন্ধিলে সিদ্ধান্ত লোৱাৰ ক্ষমতা বৃদ্ধি পায় আৰু মনটো অধিক চোকা হয়। ছাত্ৰ-ছাত্ৰী আৰু ব্যৱসায়ীসকলৰ বাবে পান্নাক বিশেষভাৱে উপকাৰী বুলি গণ্য কৰা হয়।
পোখৰাজ-
পোখৰাজ হৈছে বৃহস্পতি গ্ৰহৰ সৈতে জড়িত এক ৰত্ন, যিয়ে ভাগ্য, ধন-সম্পত্তি আৰু সমৃদ্ধিৰ আকৰ্ষণ কৰে। ইয়াক পিন্ধিলে শিক্ষা, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনত অগ্ৰগতি পোৱা যায়। এই ৰত্নই এজন ব্যক্তিৰ আত্মবিশ্বাস বৃদ্ধি কৰে আৰু জীৱনত ইতিবাচকতা অনাৰ কাম কৰে। বিশেষকৈ যিসকলে নিজৰ কেৰিয়াৰত স্থিতিশীলতা বিচাৰে।
নীলম-
নীলাম ৰত্ন শনি গ্ৰহৰ ৰত্ন আৰু ইয়াক পিন্ধিলে ন্যায়, শক্তি আৰু সুৰক্ষা পোৱা যায়। ই আপোনাৰ শত্ৰুক জয় কৰাত আৰু স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ পোৱাত সহায় কৰে। নীলাম পৰিধান কৰিলে ব্যক্তিৰ জীৱনত স্থিৰতা আনে আৰু অধিক আত্মনিৰ্ভৰশীল অনুভৱ কৰে। এই ৰত্নই জীৱনৰ ডাঙৰ ডাঙৰ বাধাবোৰ দূৰ কৰে বুলি বিশ্বাস কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ