অসম লাইভ ২৪ঃ ৫ টকা, ৫০০ টকাৰ পাছত এতিয়া চৰ্চাত পুৰণি ১ টকীয়া মুদ্ৰা। প্ৰত্যক্ষ লেনদেনৰ ক্ষেত্ৰত অচল হ’লেও তেনে মুদ্ৰাই আপোনাৰ ভাগ্য উদয় কৰিব পাৰে। আপোনাক লাখপতি কৰিব পাৰে মাত্ৰ এটকাই। প্ৰয়োজন মাথোঁ সুযোগৰ। সম্প্ৰতি এনে এক সুৱৰ্ণ সুযোগ লৈ আহিছে ইণ্ডিয়ামাৰ্ট নামৰ এটি ৱেবচাইটে। এই বেৱচাইটত গৈ বিশেষ এটকীয়া মুদ্ৰাটো জমা দিলেই আপুনি লাভ কৰিব পাৰিব ২৫ লাখ টকা। কিন্তু তাৰ বাবে আছে কিছু চৰ্ত। এই বৃহৎ অংকৰ ধন লাভ কৰিবলৈ জমা দিয়া ১ টকীয়া মুদ্ৰাটো হ’ব লাগিব কমেও এশ বছৰ পুৰণি। উল্লেখ্য, দুদিনমান পূৰ্বে ৫ টকাৰ বিনিময়ত ৩০ হাজাৰ টকা লাভ কৰাৰ কথা প্ৰকাশ কৰি এক বিজ্ঞাপন দিছিল কইন বজাৰে। ইয়াৰ উপৰি ৫০০ টকাৰ বাবদ ১০ হাজাৰ টকা লাভৰো এক সুবিধা প্ৰদান কৰিছিল old indian coins.com নামৰ এটি বেৱচাইটে। বৰ্তমান চৰ্চাত আছে ১ টকীয়া মুদ্ৰা। আপোনাৰ হাতত থকা এনে মুদ্ৰা যদি ইণ্ডিয়া মাৰ্ট ৱেবচাইটত উল্লেখিত চৰ্তসমূহৰ সৈতে প্ৰযোজ্য হয়, তেন্তে এই সুযোগৰ জৰিয়তে আপুনিও লাভ কৰিব পাৰিব এই বৃহৎ অংকৰ ধনৰাশি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















