ঝাৰখণ্ডৰ ডুমকাৰ এখন গাঁৱত দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰকাশিত খবৰ মতে প্ৰেমৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই এজন যুৱকে ছাত্ৰীগৰাকীৰ শৰীৰত অগ্নি সংযোগ কৰি হত্যা কৰে৷ এই লোহৰ্ষক হত্যাকাণ্ডৰ পিছতে ঝাৰখণ্ডৰ ডুমকাৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে৷ দোষীক শাস্তি প্ৰদানৰ দাবীত স্থানীয় লোকে আন্দোলন তীব্ৰতৰ কৰাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসনে সমগ্ৰ ডুমকাতে ১৪৪ ধাৰা জাৰি কৰিছে৷
প্ৰকাশিত খবৰ মতে যোৱা মঙলবাৰে পৰা আৰম্ভ হৈছিল এই ঘটনা। এজন চুবুৰীয়া যুৱকে যুৱতীগৰাকীয়ে ৰাতি শুই থাকোতে শৰীৰত পেট্ৰ’ল ঢালি জুই লগাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। ৯০ শতাংশ অগ্নিদগ্ধ হোৱা যুৱতীগৰাকীক ডুমকাৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে তেওঁক ৰাঁচীৰ ৰাজেন্দ্ৰ ইনষ্টিটিউট অৱ মেডিকেল কলেজলৈ ৰেফাৰ কৰা হয়। তাতে চিকিৎসাধীন অৱস্থাতে যোৱা দেওবাৰে নিশা যুৱতীগৰাকীৰ মৃত্যু হয়।
এই খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত তীব্ৰ উত্তেজনা বিয়পি পৰে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰিছে।
লগতে পঢ়ক চিলাপথাৰত ছমাহ ধৰি পিতৃৰ কামনাৰ বলি কন্যা, অন্তঃসত্বা হোৱাৰ পাছতহে পোহৰলৈ আহিল ঘটনা
মৃত্যুৰ পূৰ্বে চিকিৎসালয়ৰ বিচনাত পৰি থকা অৱস্থাত যুৱতীগৰাকীয়ে চাঞ্চল্যকৰ বক্তব্য প্ৰদান কৰে। ছাত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি প্ৰায় ১০ দিন পূৰ্বে এটা অজ্ঞাত নম্বৰৰ পৰা তেওঁক ফোন কৰি বন্ধুত্বৰ প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু ছাত্ৰীগৰাকী সেই প্ৰস্তাৱত মান্তি নহ’ল। তাৰ পাছত যোৱা সোমবাৰে আকৌ ফোন আহে। এইবাৰ প্ৰস্তাৱ গ্ৰহণ নকৰিলে ছাত্ৰীগৰাকীক হত্যাৰ ভাবুকি দিয়া হয়।
এই ভাবুকিত শংকিত হৈ ছাত্ৰীগৰাকীয়ে দেউতাকক সকলো কথা অৱগত কৰে। পিতৃয়ে কন্যাক পিছদিনা সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আশ্বাস দি শুবলৈ পঠায় দিয়ে।
মৃত্যুৰ পূৰ্বে ছাত্ৰীগৰাকীয়ে কয়, ‘‘মই শুই আছিলো। পুৱাৰ ভাগত (মঙলবাৰে) শৰীৰত তীব্ৰ বিষ আৰম্ভ হয়। জ্বলা-পোৰাৰ গোন্ধ ওলায়। চকু মেলি দেখিলো যে যুৱকজন দৌৰি পলাই গৈছে। মই চিঞৰিবলৈ ধৰিলো। মোৰ গোটেই শৰীৰত জুই জ্বলি উঠিছিল। মা-দেউতাই আহি জুই নুমুৱাবলৈ চেষ্টা কৰিলে… পিছত মোক হস্পিতাললৈ লৈ আহিল।”
এই ঘটনাৰ প্ৰতিবাদত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে ডুমকা চহৰকে ধৰি বিভিন্ন স্থানত প্ৰতিবাদী সমদল আৰম্ভ কৰে। ১৯ বছৰীয়া ছাত্ৰীগৰাকীৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি প্ৰশাসনক স্মাৰকপত্ৰ দাখিল কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ