সামাজিক মাধ্যম হৈছে সেই ঠাই য’ত যিকোনো বিষয় আৰু যিকোনো সময়তে ভাইৰেল হৈ পৰে আৰু মানুহৰ মনোযোগ আকৰ্ষণ কৰে। বহুবাৰ বিভিন্ন সময়ত বিভিন্ন বস্তু ভাইৰেল হৈ আমোদ দি থাকে মানুহক৷ যেনে কিছু বছৰ আগতেই এখন নোটত লিখা কিছু বাৰ্তা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। নোটখনত লিখা হৈছিল ‘সোনম গুপ্তা বেৱফা হ্যে’৷ বাতৰিটো সামাজিক মাধ্যমত ভাইৰেল হৈছিল আৰু মানুহে তাকে লৈ বহুতো ধেমেলীয়া কৌতুক আৰু ভিডিঅ’ আদি বনাইছিল৷
এতিয়া আকৌ এবাৰ সামাজিক মাধ্যমত এটা টোকা ভাইৰেল হৈছে। এখন ১০ টকীয়া নোটৰ ওপৰত এগৰাকী প্ৰেমিকাই তাইৰ প্ৰেমিকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ বাৰ্তা লিখিছে।
এগৰাকী প্ৰেমিকাই তাইৰ প্ৰেমিকৰ বাবে ১০ টকীয়া নোটত এনে বাৰ্তা লিখিছে যিটো হাস্যজনক আৰু এতিয়া ছ’চিয়েল মিডিয়াত অতি দ্ৰুতগতিত ভাইৰেল হৈ আছে।
লগতে পঢ়ক পাঁচ সুন্দৰীয়ে স্থান পালে পাক মন্ত্ৰী সভাত : কোন কোন এই পাঁচ পাক সুন্দৰী?
১০ টকীয়া নোটত প্ৰেমিকাগৰাকীয়ে লিখিছে, “বিশাল, মোৰ বিয়া ২৬ এপ্ৰিলত, মোক লৈ যোৱা। মই তোমাক বহুত ভাল পাওঁ। তোমাৰ প্ৰেমিকা- কুসুম।”
এতিয়া এই টোকাটোৱে ছ’চিয়েল মিডিয়াত সকলোৰে মনোযোগ আকৰ্ষণ কৰিছে আৰু মানুহে ইয়াৰ ওপৰত তেওঁলোকৰ ধেমেলীয়া প্ৰতিক্ৰিয়া দিয়া দেখা গৈছে।
টোকাটোত লিখা বাৰ্তাটো দেখি, আপুনি নিশ্চয় বুজি পাইছে যে বাৰ্তাটো এগৰাকী কুসুম নামৰ ছোৱালীয়ে বিশাল নামৰ প্ৰেমিকাক উদ্দেশ্যি লিখিছে৷ সম্ভৱত কুসুমে তাইৰ সন্মতি অবিহনে আন কাৰোবাৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’বলৈ বাধ্য হৈছে।
Twitter show your power… 26th April ke Pehle kusum ka Yeh message vishal tak pahuchana hai.. Doh pyaar karne wale ko milana hai.. Please amplify n tag all vishal you know.. 😂 pic.twitter.com/NFbJP7DiUK
— Crime Master Gogo 🇮🇳 (@vipul2777) April 18, 2022
লগতে পঢ়ক কি নাম ৰাখিলে প্ৰিয়ংকা চোপ্ৰা-নিক জোনাছৰ নৱজাতিকা কন্যাৰ নাম?
এই কাৰণে ছোৱালীজনীয়ে তাইৰ প্ৰেমিকলৈ ১০ টকীয়া নোট এখনত লিখিছে যে তাইৰ ২৬ এপ্ৰিলত বিয়া আৰু তাৰ আগতে আহি প্ৰেমিকে তাইক লৈ যাব লাগে। এতিয়া এই টোকাটোৱে সামাজিক মাধ্যমত এক আলোড়নৰ সৃষ্টি কৰিছে।
ভাইৰেল হৈ পৰা নোটখন বিভিন্নজনে সামাজিক মাধ্যমতে শ্বেয়াৰ কৰিছে যাতে কুসুমে ২৬ এপ্ৰিলৰ আগতে বিশালক লগ পায়৷ কোনো উদাৰ মনৰ ব্যক্তিয়ে ফটোখন টুইটাৰত শ্বেয়াৰ কৰি লিখিছে “টুইটাৰ ব্যৱহাৰকাৰীসকল আপোনালোকে পূৰ্ণ শক্তিৰে সহযোগ কৰক। ২৬ এপ্ৰিলৰ আগতে কুসুমৰ বাৰ্তাটো বিশালৰ কাষ চপাব লাগে৷ দুজন প্ৰেমিকক লগ হ’বলৈ সহায় কৰক, যিমান পাৰে সিমান শ্বেয়াৰ কৰক৷’’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ