এক অদ্ভুত পৰম্পৰা৷ মনে বিচৰাজনক পাবলৈ নিজৰ অন্তৰ্বাস খুলি প্ৰাৰ্থনা জনোৱা হয় নেদেখাজনৰ ওচৰত৷ সম্প্ৰতি পৰ্যটকৰ বাবে মুখ্য পৰ্যটনস্থলীলৈ পৰ্যবেসিত হৈছে ঠাইখন৷ বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা মহিলাসকল আহি তেওঁৰ প্ৰিয় জীৱন সংগী পাবৰ বাবে এই ঠাইত ব্ৰা ওলোমাই ৰাখে৷
নিউজিলেণ্ডৰ চেণ্ট্ৰেল ওটাগো কাৰ্ডোনা যথেষ্ট জনপ্ৰিয় হৈ পৰিছে ব্ৰাৰে ভৰ্তি ৰছীৰ বাবে। মহিলাসকলে ইয়ালৈ আহে আৰু প্ৰতিজ্ঞাৰ দৰে তেওঁলোকৰ ব্ৰা খুলি ওলোমাই দিয়ে। যাতে মনে বিচৰা সংগীজনক তেওঁলোকৰ জীৱনত লাভ কৰে৷
উল্লেখ্য, ১৯৯৯ চনত প্ৰথম অৱস্থাত এই ঠাইত চাৰিটা ব্ৰা ওলমি থকা অৱস্থাত পোৱা গৈছিল। আৰু তাৰ পিছৰ পৰাই ক্ৰমান্বয়ে বাঢ়ি গৈ আছে তাঁৰত ওলোমাই ৰখা ব্ৰাৰ সংখ্যা । বহুলোকে আহি সেই তাঁৰৰ ওপৰত তেওঁলোকৰ ব্ৰা ওলোমাই ৰাখে। এতিয়া এই তাঁৰত ব্ৰা ওলমাই ৰখাটো এক প্ৰকাৰৰ পৰম্পৰা হৈ পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ