কৰ্ণেল ছোফিয়া কুৰেছিক লৈ কুৰুচিকৰ মন্তব্য কৰিছিল বিজেপি নেতাই৷ উচ্চতম ন্যায়ালয়ে কুৰেছিক লৈ অশ্লীল মন্তব্য কৰাৰ বাবে মধ্যপ্ৰদেশৰ মন্ত্ৰী বিজয় শ্বাহক তিৰস্কাৰ কৰিছে৷ ছুপ্ৰিম কৰ্টৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাই বিজেপি মন্ত্ৰীৰ এই মন্তব্যক গ্ৰহণযোগ্য নহয় বুলি স্পষ্টকৈ জনাই দিছে৷ এনে ধৰণৰ মন্তব্য অসংবেদনশীল বুলি কৈ বি আৰ গাভাই কয় যে, সাংবিধানিক পদত থকা কোনো ব্যক্তিৰ পৰা এই ধৰণৰ মন্তব্য আশা কৰিব নোৱাৰি৷ ইয়াৰ পাছতেই বিজয়ক ধমক দি তেওঁ কয়, ‘কেনেকৈ এনে মন্তব্য মুখেৰে ওলায়? যাওক হাইকৰ্টলৈ গৈ তেওঁৰ ওচৰত ক্ষমা বিচাৰক৷’ ইয়াৰোপৰি গ্ৰেপ্তাৰীৰ পৰা বাচিবলৈ উচ্চতম ন্যায়ালয়ত ৰক্ষাকৱচৰ বাবে যি আবেদন কৰিছিল বিজয়ে সেই আবেদনো খাৰিজ কৰিছে মুখ্য ন্যায়াধীশে৷
উচ্চতম ন্যায়ালয়ে কাঢ়া ভাষাৰে জনাইছে, ‘এদিনতে আপোনাক সলাব কোনেও নোৱাৰে৷ আপুনি নিজেই জানে আপোনাৰ চৰিত্ৰ কি?’ ভাৰতীয় সেনাৰ কৰ্নেল কুৰেছিৰ ধৰ্মক লৈ কুৰুচিকৰ মন্তব্য কৰাৰ বাবে বুধবাৰে বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ দাখিলৰ নিৰ্দেশ দিছিল মধ্যপ্ৰদেশ হাইকৰ্টে৷ সেই নিৰ্দেশক চেলেঞ্জ কৰি বৃহস্পতিবাৰে পুৱা ছুপ্ৰিম কৰ্টৰ দ্বাৰস্থ হৈছিল বিজয়৷ হাইকৰ্টৰ সেই নিৰ্দেশৰ পাছতেই ইন্দোৰৰ এখন থানাত ইতিমধ্যেই তেওঁৰ বিৰুদ্ধে এখন এফ আই আৰো দাখিল হৈছিল৷ গ্ৰেপ্তাৰীৰ পৰা বাচিবলৈ সেয়ে লৰালৰিকৈ ছুপ্ৰিম কৰ্টৰ দ্বাৰস্ত হৈছিল বিজেপি মন্ত্ৰী বিজয়৷ তাতেই মুখথেকেচা খাইছে বিজয়ে৷
পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্তুত্যৰত ভাৰতে ৭ মে ত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদীৰ ঘাঁটিত আক্ৰমণ চলাইছিল৷ নিৰ্ভুল আৰু নিখুঁত সেই আক্ৰমণৰ পাছতেই সংবাদমেল আয়োজন কৰি সমগ্ৰ দেশক অপাৰেছন সেন্দূৰৰ বিস্তাৰিত বৰ্ণনা দিছিল কৰ্নেল ছোফিয়া কুৰেছি আৰু বায়ুসেনাৰ উইং কমাণ্ডাৰ বোমিকা সিঙে৷ অপাৰেছন সেন্দূৰৰ বিফ্ৰিংত দুই মহিলা বিষয়াক সন্মুখত আনি দেশৰ নাৰীশক্তিক তুলি ধৰাৰ ওপৰিও দেশৰ সাম্প্ৰদায়িক সম্প্ৰীতিৰ বাৰ্তা দিয়া হৈছিল সমগ্ৰ বিশ্বক৷ সেই ঘটনাতেই সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতিনিধি কৰ্নেল কুৰেছিক লৈ বিতৰ্কিত মন্তব্য কৰে মধ্যপ্ৰদেশৰ বিজেপি মন্ত্ৰী বিজয় শ্বাহক৷
বিজয়ে কৈছিল, ‘তেওঁলোকে আমাৰ হিন্দু ভাইসকলক পোছাক খুলি ধৰ্মীয় পৰিচয় চাই হত্যা কৰিছে৷ প্ৰধানমন্ত্ৰী মোদিজীয়ে তেওঁলোকৰেই ভনীয়েকক তেওঁলোকৰ ঘৰত আক্ৰমণ কৰিবলৈ পঠিয়াইছে৷ আমাৰ ভনীহঁতক বিধৱা কৰিছে সেয়ে মোদিজীয়ে তেওঁলোকৰ সম্প্ৰদায়ৰ ভনীয়েককেই তেওঁলোকৰ পোছাক খুলি উচিত শিক্ষা দিয়াৰ বাবে পঠিয়াইছে৷’ কৰ্নেল কুৰেছিৰ নাম নোলোৱাকৈ তেওঁক লৈ মন্তব্য কৰিছিল বিজয়ে৷ বিতৰ্ক তুংগত উঠোতেই বিজয়ে দাবী কৰিছে যে তেওঁৰ মন্তব্যৰ ভুল বাখ্যা কৰা হৈছে৷ তেওঁ কৰ্নেল কুৰেছিৰ ওচৰত ১০ বাৰ ক্ষমা খুজিবলৈকো প্ৰস্তুত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















