গল্ড লোন হৈছে এনে এক ঋণ য’ত এজন ব্যক্তিয়ে নিজৰ সোন বন্ধকত ৰাখি বেংক বা আৰ্থিক প্ৰতিষ্ঠানৰ পৰা সহজেই টকা ধাৰ লব পাৰে৷ সাধাৰণতে এই ঋণৰ পৰিমাণ নিৰ্ধাৰিত হয়৷ সোনৰ ওজন বা বজাৰমূল্যৰ ওপৰত ভিত্তি কৰে৷ গোল্ড লোন পাৱাৰ প্ৰক্ৰিয়া তুলনামূলকভাৱে সহজ, দ্ৰুত আৰু ন্যূন্যতম ডকুমেণ্টেছনৰ প্ৰয়োজন হয়৷

জৰুৰী আৰ্থিক প্ৰয়োজনত, চিকিৎসা, ব্যৱসায় বা শিক্ষা খৰচ দূৰ কৰিবলৈ বহুতেই গোল্ড লোন লয়৷ গুৰুত্বপূৰ্ণ বিষয় এয়াই যে গোল্ড লোনৰ সুদৰ হাৰ বহু সময়ত পাৰ্ছনেল লোনতকৈ কম হয়৷ নিৰ্ধাৰিত সময়ত ঋণ শোধ নকৰিলে বন্ধকত ৰখা সোণ বাজেয়াপ্ত হোৱা আশংকা থাকে৷ সেয়ে গোল্ড লোন লোৱাৰ পূৰ্বে চৰ্তসমূহ ভালধৰণে বুজি লোৱা অত্যন্ত জৰুৰী৷

IIFL অনুসৰি সোণৰ গুণগত মানৰ ওপৰত নিৰ্ভৰ কৰি সৰ্বোচ্চ বজাৰ মূল্যৰ ৭৫ শতাংশ পৰ্যন্ত ঋণ লব পাৰে৷ ২২ কেৰেট সোণৰ ৩০ দিনৰ গড় দাম হিচাপে আপোনাৰ সোণৰ মূল্য নিৰ্ধাৰণ কৰা হয়৷ ধৰি লওক ২৭ জুন ২০২৫ত গোল্ড লোণ লৈছে তেন্তে IIFL কেলকুলেটৰ অনুসৰি ১০ গ্ৰাম সোণৰ সলনি সৰ্বোচ্চ ৬৬,৩৩০ টকা ঋণ পাব পাৰে৷ ধৰি লওক ২৭ জুন ২০২৫ ত গোল্ড ঋণ লৈছে তেন্তে IIFL কেলকুলেটৰ অনুসৰি ১০ গ্ৰাম সোণৰ সলনি সৰ্বোচ্চ ৬৬,৩৩০ টকা ঋণ হিচাপে পাব৷

গোল্ড লোন কেলকুলেট কৰা হয় তিনিটা বিষয়ৰ ওপৰত

আপোনাৰ সোণৰ ওজন

সোণৰ বজাৰ মূল্য

লোন টু ভেল্যু Ratio

RBI-ৰ নিয়ম অনুসৰি গোল্ড ঋণত সৰ্বোচ্চ ৭৫শতাংশ পৰ্যন্ত LTV (Loan-to-Value) অনুমোদিত৷ অৰ্থাৎ আপোনাৰ সোণৰ মুঠ মূল্য যদি ১,০০,০০০ হয় তেন্তে আপুনি সৰ্বোচ্চ ৭৫,০০০ পৰ্যন্ত ঋণ পাব পাৰে৷ সুদৰ হাৰ, ঋণৰ ম্যাদ আৰু প্ৰচেছিং ফি বিভিন্ন বেংকৰ আৰু প্ৰতিষ্ঠান অনুসৰি বেলেগ বেলেগ হয়৷ গোল্ড লোন লোৱাৰ পূৰ্বে EMI কেলকুলেটৰ ব্যৱহাৰ কৰি পৰিকল্পনা কৰা উচিত৷