৯০ ডিগ্ৰীৰ বিশেষ ৰেলসেতুক লৈ এইবাৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে মধ্যপ্ৰদেশ চৰকাৰে৷ এই প্ৰকল্পৰ সৈতে যুক্ত দুই মুখ্য ইঞ্জিনিয়াৰসহ মুঠ ৮ ইঞ্জিনিয়াৰক ছাচপেণ্ড কৰাৰ নিৰ্দেশ মধ্যপ্ৰদেশ চৰকাৰৰ৷ কেৱল সেয়াই নহয় কৰ্তব্যৰ গাফিলতিৰ অভিযোগত বিভাগীত তদন্তও কৰা হব বুলি প্ৰশাসন সূত্ৰই জনাইছে৷
শনিবাৰে সেই ৮ ইঞ্জিনীয়াৰক ছাচপেণ্ড কৰিছে ৰাজ্য চৰকাৰে৷ ৯০ ডিগ্ৰী ৰেলসেঁতু প্ৰসংগত মুখ্যমন্ত্ৰী মোহন যাদৱে তেওঁৰ এক্স হেণ্ডেলত লিখিছে, ‘ঐশবাগৰ ৰেলসেতু নিৰ্মাণত চৰম গাফিলতিৰ অভিযোগ উঠিছে৷ এই ঘটনা কেনেকৈ হ’ল তাৰ পূৰ্ণাংগ তদন্তৰ নিৰ্দেশ দিছো৷ ৮ ইঞ্জিনিয়াৰকো ছাচপেণ্ড কৰা হৈছে৷ মুখ্যমন্ত্ৰীয়ে লগতে জনাইছে যে নিৰ্মাণকাৰী সংস্থা আৰু সেতুৰ নক্সা তৈয়াৰ কৰিছিল তেওঁলোকক ক’লা তালিকাভুক্ত বা ব্লেক লিষ্টেড কৰা হৈছে৷ কাৰ গাফিলতিত এই কাণ্ড হৈছে সেয়াও পৰীক্ষা কৰিব তদন্তকাৰী কমিটিয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ