এয়া বিয়াৰ বতৰ৷ প্ৰায় সকলো মানুহেই সোণ, ৰূপ ক্ৰয় কৰাত ব্যস্ত হৈ পৰিছে৷ বিগত কেইটামান দিনৰ পৰা সোণ ৰূপৰ দামো হ্ৰাস পাইছে৷ বিগত ৭দিনত হ্ৰাস পাইছো সোণ আৰু ৰূপৰ দাম৷ নৱেম্বৰৰ আৰম্ভণিতে সোণ-ৰূপৰ দাম ক্ৰমাগতভাৱে বৃদ্ধি পাইছিল যদিও এতিয়া হ্ৰাস হ’ব ধৰিছে৷ ১১ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈকে ধাৰাবাহিকভাৱে হ্ৰাস পাইছে সোণ আৰু ৰূপৰ দাম৷ বিগত ৭দিনত কিমান কমিল সোণ-ৰূপৰ দাম?
বিগত সপ্তাহত সোণৰ দাম প্ৰায় ৩৫০০টকালৈকে হ্ৰাস পাইছে৷ প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণৰ দাম হৈছেগৈ ৬৯, ৩৫০টকা৷ আনহাতে ২৪ কেৰেট সোণৰ দামো ৩৮২০ টকালৈকে হ্ৰাস পাইছে৷ ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত হৈছে ৭৫,৬৫০ টকা৷ এই সপ্তাহত ৰূপৰ দামো ৪৫০০ লৈকে হ্ৰাস পাইছে৷ ৰূপৰ মূল্য ১ কিঃগ্ৰাঃত হৈছে ৮৯, ৫০০ টকা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ