• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

1 month ago
চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

7 hours ago
কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

8 hours ago
নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

9 hours ago
ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

10 hours ago
কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

11 hours ago
কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

12 hours ago
শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

12 hours ago
প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

13 hours ago
৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

14 hours ago
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

14 hours ago
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

15 hours ago
House Lizard:  ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

House Lizard: ঘৰত জেঠীৰ উপদ্ৰৱ? এই সহজ উপায়েৰে কৰক দূৰ কৰক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দৰমহাকে ধৰি চৰকাৰে আনিছে একাধিক নতুন নিয়ম

editor by editor
July 21, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দিন হাজিৰা কৰা, ব্যক্তিগত খণ্ডৰ চাকৰিয়ালসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। কেন্দ্ৰীয় চৰকাৰৰ নতুন শ্ৰম সংহিতা অনুসৰি দৰমহা প্ৰদানৰ নিয়ম আগতকৈ অধিক স্পষ্ট কৰা হৈছে। ক’ড অন ৱেজেছ (Code on Wages) অনুসৰি, যদি কোনো কৰ্মচাৰীয়ে মাহেকীয়া দৰমহা লাভ কৰে, তেন্তে পৰৱৰ্তী মাহৰ ৭ তাৰিখৰ ভিতৰত তেওঁৰ বেংক একাউণ্টত দৰমহা জমা হ’ব লাগিব। ইয়াৰ উপৰিও, যদি কোনো কৰ্মচাৰীয়ে চাকৰি এৰি দিয়ে,চাকৰিৰ পৰা তেওঁক বৰ্খাস্ত কৰা হয় বা আন কোনো কাৰণত তেওঁৰ চাকৰিৰ কাৰ্যকাল শেষ হয়, তেন্তে কোম্পানীয়ে দুটা কৰ্ম দিনৰ ভিতৰত তেওঁৰ সকলো বকেয়া ধন পৰিশোধ কৰিব লাগিব।

এই নিয়মৰ সুবিধা কোনে পাব?

আগতে দৰমহা প্ৰদানৰ বহু নিয়ম কেৱল এটা নিৰ্দিষ্ট দৰমহাৰ সীমাৰ ভিতৰত থকা কৰ্মচাৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য আছিল। কিন্তু নতুন ক’ড অন ৱেজেছ অনুসৰি এই নিয়ম এতিয়া সকলো কৰ্মচাৰীৰ বাবে প্ৰযোজ্য হ’ব, তেওঁলোকৰ দৰমহা কম হওক বা বেছি হওক। অৰ্থাৎ, প্ৰতিজন কৰ্মচাৰীয়ে সময়মতে দৰমহা লাভ কৰাৰ আইনী অধিকাৰ পাব।

কেতিয়ালৈকে দৰমহা দিব লাগিব?

নতুন নিয়ম অনুসৰি দৰমহা পৰিশোধৰ সময়সীমা তলত দিয়া ধৰণে নিৰ্ধাৰণ কৰা হৈছে—
মাহিলী দৰমহা পোৱা কৰ্মচাৰী: পৰৱৰ্তী মাহৰ ৭ তাৰিখৰ ভিতৰত দৰমহা দিব লাগিব।
সাপ্তাহিক দৰমহা পোৱা কৰ্মচাৰী: সপ্তাহৰ শেষ কৰ্ম দিনৰ ভিতৰত দৰমহা দিব লাগিব।
১৫ দিনৰ ভিত্তিত দৰমহা পোৱা কৰ্মচাৰী: ১৫ দিনীয়া সময়সীমা শেষ হোৱাৰ ২ দিনৰ ভিতৰত দৰমহা পৰিশোধ কৰিব লাগিব।

দৈনিক মজুৰিৰ কৰ্মচাৰী: কাম শেষ হোৱাৰ পিছত সেইদিনাই মজুৰি দিব লাগিব।

চাকৰি এৰিলে কেতিয়া সম্পূৰ্ণ বকেয়া ধন পাব?

যদি কোনো কৰ্মচাৰীয়ে পদত্যাগ কৰে, কোম্পানীয়ে তেওঁক বৰ্খাস্ত কৰে বা চাকৰি সমাপ্ত কৰে, তেন্তে কোম্পানীয়ে দুটা কৰ্ম দিনৰ ভিতৰত তেওঁৰ সকলো বকেয়া দৰমহা, জমা হোৱা ছুটীৰ ধন আৰু আন সকলো প্ৰাপ্য পৰিশোধ কৰিব লাগিব। এই নিয়মৰ উদ্দেশ্য হৈছে কৰ্মচাৰীসকলক নিজৰ ন্যায্য ধনৰ বাবে দীঘলীয়া সময় অপেক্ষা কৰিবলগীয়া অৱস্থাৰ পৰা ৰক্ষা কৰা।

যদি কোম্পানীয়ে সময়মতে দৰমহা নিদিয়ে, তেন্তে কি হ’ব?

যদি কোনো কোম্পানীয়ে সময়মতে দৰমহা নিদিয়ে বা অনুমতি নোহোৱাকৈ দৰমহাৰ পৰা ধন কাটি লয়, তেন্তে কৰ্মচাৰীয়ে অভিযোগ দাখিল কৰিব পাৰে। ইয়াৰ বাবে চৰকাৰে ইন্সপেক্টৰ-কাম-ফেচিলিটেটৰ নিয়োগ কৰিব, যিয়ে কোম্পানীসমূহে নিয়ম মানি চলাটো নিশ্চিত কৰিব। কৰ্মচাৰীয়ে ৩ বছৰৰ ভিতৰত অভিযোগ দাখিল কৰিব পাৰিব। তদন্তৰ পিছত যদি সংশ্লিষ্ট কৰ্তৃপক্ষই কোম্পানীক দৰমহা বা ক্ষতিপূৰণ পৰিশোধ কৰাৰ নিৰ্দেশ দিয়ে আৰু কোম্পানীয়ে সেয়াও পালন নকৰে, তেন্তে চৰকাৰে সেই ধন ভূমি ৰাজহ আদায় কৰাৰ দৰে আইনীভাৱে আদায় কৰিব পাৰিব।

পুৰণি নিয়মৰ তুলনাত কি কি সলনি হ’ল?

নতুন ক’ড অন ৱেজেছ-এ Payment of Wages Act, 1936-কে ধৰি দৰমহাৰ সৈতে জড়িত একাধিক পৃথক আইনক সলনি কৰি এক একত্ৰিত আইন ৰূপে প্ৰৱৰ্তন কৰা হৈছে।
এই নতুন ব্যৱস্থাৰ আটাইতকৈ ডাঙৰ পৰিবৰ্তন হৈছে—
সময়মতে দৰমহা দিয়াটো আৰু অবৈধভাৱে দৰমহা কাটি নোলোৱাটো এতিয়া সকলো কৰ্মচাৰীৰ ক্ষেত্ৰত বাধ্যতামূলক।
কোম্পানীয়ে কৰ্মচাৰীসকলক বেতন পৰ্চি (Salary Slip) দিয়াটো বাধ্যতামূলক। এই পৰ্চি কাগজত বা ডিজিটেল ৰূপত দিব পাৰিব।
দৰমহাৰ পৰা কিমান পৰিমাণ ধন কটিব পাৰিব, সেই বিষয়েও স্পষ্ট নিয়ম নিৰ্ধাৰণ কৰা হৈছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Salary
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন
নিয়োগ

চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

August 31, 2026
কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা
জীৱনশৈলী

কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

August 31, 2026
ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা
ভাৰত

ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

August 31, 2026
কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?
জীৱনশৈলী

কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

August 31, 2026
Next Post
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.