ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে যথেষ্ট সকাহ। বিত্ত মন্ত্ৰালয়ে বাধ্যতামূলক অৱসৰ পুঁজি কভাৰেজৰ বাবে দৰমহাৰ সীমা প্ৰতিমাহে ১৫,০০০টকাৰ পৰা প্ৰতিমাহে ২৫,০০০ টকালৈ বৃদ্ধি কৰাত অনুমোদন জনাইছে। এই সীমা বিগত এটা দশকৰো অধিক সময় অপৰিৱৰ্তিত হৈ আছিল। নতুন থ্ৰেছহ’ল্ড কাৰ্যকৰী হ’লে অধিক দৰমহা পোৱা কৰ্মচাৰীক বাধ্যতামূলক প্ৰভিডেণ্ট ফাণ্ড আৰু পেঞ্চন কভাৰেজৰ দ্বাৰা সামৰি লোৱা হ’ব।
নতুন দৰমহাৰ সীমা কাৰ্যকৰী কৰাৰ তাৰিখ কেবিনেটৰ অনুমোদনৰ পিছত সিদ্ধান্ত লোৱা হ’ব। ইয়াৰ ফলত ১৫,০০০ টকাৰ পৰা ২৫,০০০ টকাৰ ভিতৰত মৌলিক দৰমহা পোৱা লাখ লাখ ব্যক্তিগত কৰ্মচাৰীয়েও বাধ্যতামূলক PF আৰু পেঞ্চনৰ সুবিধা লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ সামাজিক সুৰক্ষাৰ কভাৰেজ শক্তিশালী হ’ব।
বৰ্তমান প্ৰতিমাহে ১৫,০০০টকা পৰ্যন্ত মৌলিক দৰমহা পোৱা কৰ্মচাৰীসকলকহে কৰ্মচাৰী ভৱিষ্য পুঁজি আৰু কৰ্মচাৰী পেঞ্চন আঁচনিৰ অধীনত বাধ্যতামূলকভাৱে ৰখা হয়। এই সীমাতকৈ অধিক উপাৰ্জন কৰা কৰ্মচাৰীযৰ বাবে PF বা EPF বাধ্যতামূলক নহয়। কোনো কোম্পানী কৰ্তৃপক্ষও তেনে কৰ্মচাৰীক EPFৰ অধীনত সামৰি লোৱাটো আইনগতভাৱে বাধ্য নহয়। যেতিয়া এই থ্ৰেছহোল্ড ২৫,০০০ হাজাৰলৈ বৃদ্ধি কৰা হ’ব, তেতিয়া প্ৰতিমাহে ১৫,০০০ টকাৰ পৰা ২৫,০০০ টকাৰ ভিতৰত উপাৰ্জন কৰা কৰ্মচাৰীসকলকো সামৰি লোৱা হ’ব। এই পৰিৱৰ্তনে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলৰ বাবে সামাজিক সুৰক্ষাৰ কভাৰেজ যথেষ্ট বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















