অসম লাইভ ২৪ঃ চাকৰি প্ৰত্যাশী অসমৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতী সকলৰ বাবে এটা সুখবৰ।গনি গনি
১ লাখ নিবনুৱাক চাকৰি দিয়াৰ বাবে চৰকাৰে গঠন কৰিব এক সুকীয়া নিযুক্তি আয়োগ। মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি নিৰ্ধাৰিত সময়ত ১ লাখ যুৱক-যুৱতীৰ নিযুক্তি লক্ষ্য পূৰণৰ বাবে গঠন কৰা হ’ব এই বিশেষ আয়োগ।এই নিযুক্তি আয়োগৰ মুৰব্বী হিচাপে থাকিব অতিৰিক্ত মুখ্য সচিব পৰ্যায়ৰ আমোলা। এই নিযুক্তি আয়োগে বিশেষভাৱে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তিৰ দায়িত্ব লব। ইফালে, বিভিন্ন অভিযান্ত্ৰিক চাকৰিৰ বাবে APSCৰ দ্বাৰা অনুষ্ঠিত হব COMBINED RECRUITMENT পৰীক্ষা।শনিবাৰে মুখ্যমন্ত্ৰীৰ নেতৃত্বত হোৱা এক বিশেষ বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত উপস্থিত আছিল APSCৰ অধ্যক্ষ ৰাজীৱ কুমাৰ বৰা, মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ সিনহা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ