• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!

মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!

3 months ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

2 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

3 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

3 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

4 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

5 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

5 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

6 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

7 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

7 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

8 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

8 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!

প্ৰধানমন্ত্ৰী মোদী মোৰ জ্যেষ্ঠ ভাতৃৰ দৰেঃতাকাইচি

editor by editor
July 3, 2026
in বিশ্ব, ভাৰত, ৰাজনীতি
0
মাৰ্কিন ডলাৰক বিদায়! এতিয়াৰে পৰা টকা-য়েনত হ’ব বাণিজ্য!
0
SHARES
157
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত আৰু জাপানৰ মাজৰ বন্ধুত্ব আৰু অৰ্থনৈতিক সহযোগিতাই এতিয়া নতুন উচ্চতালৈ আগবাঢ়িছে। দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত ভাৰত-জাপান যৌথ অৰ্থনৈতিক ফ’ৰামত বিনিয়োগ, উদ্যোগ, প্ৰযুক্তি, শক্তি, দক্ষতা বিকাশ আৰু বাণিজ্যৰ ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সহযোগিতাই কেৱল দুয়োখন দেশৰ অৰ্থনীতি শক্তিশালী নকৰে, সমগ্ৰ এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ উন্নয়নতো বিশেষ ভূমিকা পালন কৰিব। এই ফ’ৰামতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে যে জাপানীজ কোম্পানীসমূহৰ সমস্যা সমাধান আৰু ভাৰতত অধিক বিনিয়োগ উৎসাহিত কৰাৰ উদ্দেশ্যে “Japan business week” আৰম্ভ কৰা হ’ব। এই ব্যৱস্থাৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলে জাপানী বিনিয়োগকাৰীসকলৰ সৈতে পোনপটীয়াকৈ আলোচনা কৰিব।

লাখ লাখ কৰ্মসংস্থাপনৰ সুযোগ

ভাৰত আৰু জাপানে আগন্তুক দহ বছৰত ভাৰতত ১০ ট্ৰিলিয়ন জাপানী য়েন বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই বিনিয়োগৰ মূল ক্ষেত্ৰসমূহ হ’ল ছেমিকণ্ডাক্টৰ,শক্তি, উন্নত প্ৰযুক্তি, উৎপাদন, গ্ৰীণ হাইড্ৰ’জেন, বেটাৰী, নিউক্লিয়াৰ শক্তি আৰু লজিষ্টিকছ। এই পদক্ষেপে ভাৰতৰ উদ্যোগ খণ্ডক অধিক শক্তিশালী কৰাৰ লগতে লাখ লাখ নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। যৌথ অৰ্থনৈতিক ফ’ৰামত মুঠ ১২৯খন বুজাবুজি চুক্তি (MoU) স্বাক্ষৰ কৰা হৈছে। এই চুক্তিসমূহৰ জৰিয়তে বিনিয়োগ, উদ্যোগ, প্ৰযুক্তি, দক্ষতা বিকাশ, গৱেষণা, শিক্ষা আৰু যোগান শৃংখল (Supply Chain) অধিক শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ উপৰিও ভাৰতত ২ ট্ৰিলিয়ন য়েনতকৈ অধিক বিনিয়োগৰো ঘোষণা কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী তাকাইচিয়ে হাৰিয়ানাৰ খৰখৌদাত মাৰুতি ছুজুকীৰ চতুৰ্থ বাহন নিৰ্মাণ কাৰখানাৰ উদ্বোধন কৰে। মোদীয়ে কয় যে বৰ্তমান বিশ্বজুৰি বিক্ৰী হোৱা ছুজুকী গাড়ীৰ প্ৰায় দুই-তৃতীয়াংশ ভাৰতত নিৰ্মাণ হয় আৰু এই গাড়ীসমূহ ১০০ৰো অধিক দেশলৈ ৰপ্তানি কৰা হয়। বৰ্তমান ছুজুকীৰ বছৰি উৎপাদিত ৩০ লাখ গাড়ীৰ ভিতৰত প্ৰায় ২০ লাখ গাড়ী ভাৰততেই প্ৰস্তুত হয়। এই তথ্যই ভাৰতক বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ গাড়ী উৎপাদন কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। দুয়োখন দেশে শক্তি সুৰক্ষাৰ ক্ষেত্ৰতো নতুন সহযোগিতাৰ সূচনা কৰিছে। গ্ৰীণ হাইড্ৰ’জেন, বেটাৰী, নিউক্লিয়াৰ শক্তি আৰু জৈৱ শক্তিৰ ক্ষেত্ৰত একেলগে কাম কৰাৰ সিদ্ধান্ত লোৱা হৈছে। “ইণ্ডিয়া-জাপান বায়োগেছ ইনিচিয়েটিভ”ৰ অধীনত ভাৰতত ১,০০০টা বায়োগেছ আৰু জৈৱ সাৰ উৎপাদন কেন্দ্ৰ স্থাপন কৰা হ’ব। ইয়াৰ ফলত গ্ৰাম্য অৰ্থনীতি শক্তিশালী হোৱাৰ লগতে কৃষকসকলেও লাভান্বিত হ’ব।

মাৰ্কিন ডলাৰক বিদায়! টকা-য়েনত হ’ব বাণিজ্য!

অৰ্থনৈতিক সুৰক্ষা নিশ্চিত কৰিবলৈ ভাৰত আৰু জাপানে এক নতুন ৰোডমেপো প্ৰস্তুত কৰিছে। ছেমিকণ্ডাক্টৰ, কোৱাণ্টাম প্ৰযুক্তি, উন্নত সামগ্ৰী আৰু গুৰুত্বপূৰ্ণ খনিজ সম্পদৰ যোগান শৃংখল অধিক শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। এই সহযোগিতাই বিশ্ববজাৰত স্থিৰতা আনিবলৈ সহায় কৰিব। আন এটা উল্লেখযোগ্য সিদ্ধান্ত হৈছে ভাৰত আৰু জাপানৰ মাজত ভৱিষ্যতে আমেৰিকান ডলাৰৰ পৰিৱৰ্তে ভাৰতীয় টকা আৰু জাপানী য়েনত বাণিজ্য সম্পন্ন কৰাৰ প্ৰস্তুতি। এই ব্যৱস্থা কাৰ্যকৰী হ’লে বিদেশী মুদ্ৰা সলনি কৰাৰ খৰচ হ্ৰাস পাব, লেনদেন দ্ৰুত হ’ব আৰু বাণিজ্য অধিক সহজ হৈ পৰিব। মুম্বাই-আহমেদাবাদ বুলেট ট্ৰেইন প্ৰকল্প ভাৰত-জাপান সহযোগিতাৰ অন্যতম বৃহৎ উদাহৰণ। এই প্ৰকল্পৰ বাবে জাপানে অতি কম ০.১ শতাংশ সুতত ৫০ বছৰৰ বাবে ঋণ আগবঢ়াইছে। লগতে শিনকানছেন বুলেট ট্ৰেইনৰ আধুনিক প্ৰযুক্তি, প্ৰশিক্ষণ আৰু কাৰিকৰী সহায়ো ভাৰতলৈ আগবঢ়োৱা হৈছে।

প্ৰধানমন্ত্ৰী মোদী মোৰ জ্যেষ্ঠ ভাতৃৰ দৰেঃতাকাইচি

ভাৰত ভ্ৰমণৰ এই ক্ষণত প্ৰধানমন্ত্ৰী তাকাইচিয়ে কয় যে- ভাৰত আৰু জাপান এছিয়াৰ দুখন শক্তিশালী গণতান্ত্ৰিক দেশ। দুয়োখন দেশে আইনৰ শাসন, সামুদ্ৰিক সুৰক্ষা, শান্তি আৰু স্থিৰতা বজাই ৰাখিবলৈ একেলগে কাম কৰিব।

তেওঁ লগতে কয় যে-জাপানৰ “Free and Open Indo-Pacific (FOIP)” নীতি আৰু ভাৰতৰ “মহাসাগৰ” (MAHASAGAR) উদ্যোগে একে উদ্দেশ্য বহন কৰে। ইয়াৰ উপৰিও দুয়োখন দেশে একেলগে লগ হৈ সকলোধৰণৰ অপশক্তি, ভাবুকি বা যিকোনো দেশৰ হেঁচাৰ বিৰুদ্ধে মিলি যুঁজ দিব লাগিব বুলিও তাকাইচিয়ে মন্তব্য কৰে। লগতে জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে তাকাইচিয়ে প্ৰধানমন্ত্ৰী মোদীক ‘জ্যেষ্ঠ ভাতৃ’ৰ দৰে বুলিও মন্তব্য কৰে

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24japan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব
বাণিজ্য

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

October 1, 2026
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

October 1, 2026
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ
ভাৰত

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

October 1, 2026
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?
বিজ্ঞান

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

October 1, 2026
Next Post
বাৰে বাৰে চুলি ফণীয়াই থাকে নেকি? প্ৰকাৰ অনুসৰি কেনেকৈ ফণীয়াব চুলি?

বাৰে বাৰে চুলি ফণীয়াই থাকে নেকি? প্ৰকাৰ অনুসৰি কেনেকৈ ফণীয়াব চুলি?

ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…

ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.