• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাৰে বাৰে চুলি ফণীয়াই থাকে নেকি? প্ৰকাৰ অনুসৰি কেনেকৈ ফণীয়াব চুলি?

বাৰে বাৰে চুলি ফণীয়াই থাকে নেকি? প্ৰকাৰ অনুসৰি কেনেকৈ ফণীয়াব চুলি?

2 months ago
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

28 minutes ago
দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

43 minutes ago
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

1 hour ago
৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

2 hours ago
বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

4 hours ago
এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

5 hours ago
বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

বিষাক্ত সুৰা সেৱন কৰি বিজেপি নেতাকে ধৰি ১১ জনৰ মৃ*ত্যু

6 hours ago
এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

এই দুই বিশেষ ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো বিশেষ গুৰুত্বপূৰ্ণ

6 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

18 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

ভাগ্যই সলাব ৰূপ! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

18 hours ago
PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

19 hours ago
‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বাৰে বাৰে চুলি ফণীয়াই থাকে নেকি? প্ৰকাৰ অনুসৰি কেনেকৈ ফণীয়াব চুলি?

সুস্থ চুলিৰ বাবে সঠিক ব্ৰাছ বাছনি কৰাটোও জৰুৰী

editor by editor
July 3, 2026
in জীৱনশৈলী, ফেশ্বন, বিবিধ, স্বাস্থ্য
0
বাৰে বাৰে চুলি ফণীয়াই থাকে নেকি? প্ৰকাৰ অনুসৰি কেনেকৈ ফণীয়াব চুলি?
0
SHARES
73
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঘন, স্বাস্থ্যোজ্জ্বল চুলি সকলোৱে বিচাৰে। কিন্তু সুন্দৰ চুলিৰ গোপন ৰহস্য কেৱল দামী শ্বেম্পু বা তেলতেই সীমাবদ্ধ নহয়; চুলিৰ গঠন, আঁচোৰাৰ পদ্ধতি, ব্যৱহাৰ কৰা ফণী বা ব্ৰাছ—এই সকলোবোৰেও সমানে গুৰুত্ব বহন কৰে। বহু বছৰ ধৰি এটা ধাৰণা প্ৰচলিত হৈ আহিছে যে দিনটোত বহু বাৰ চুলি ফণীয়ালে চুলি দ্ৰুতগতিত বৃদ্ধি পায় আৰু অধিক সুন্দৰ হয়। কিন্তু আধুনিক বৈজ্ঞানিক গৱেষণাই এই বিশ্বাসক মিছা বুলি প্ৰমাণ কৰিছে।

চুলি ফণীওৱাৰ ইতিহাস

মানুহে প্ৰাচীন কালৰে পৰাই চুলি পৰিষ্কাৰ আৰু পৰিপাটি কৰি ৰাখিবলৈ বিভিন্ন ধৰণৰ ফণী আৰু ব্ৰাছ ব্যৱহাৰ কৰি আহিছে। ইতিহাসবিদসকলৰ মতে, চুলি ফণীওৱা কেৱল সৌন্দৰ্যৰে বিষয় নাছিল, ই ব্যক্তিগত পৰিচ্ছন্নতাৰো এক গুৰুত্বপূৰ্ণ অংশ আছিল। মধ্যযুগীয় ইউৰোপত বিশেষকৈ দীৰ্ঘ কেশধাৰী মহিলাসকলৰ মাজত দিনটোত বহু বাৰ চুলি ফণীওৱাৰ প্ৰথা আছিল। প্ৰথমে ফণীৰে চুলিৰ জঁট আঁতৰোৱা, ধূলি-মাটি আৰু ওকনি আঁতৰোৱাৰ পিছত জন্তুৰ নোমেৰে নিৰ্মিত বিশেষ ব্ৰাছ ব্যৱহাৰ কৰি চুলি মসৃণ কৰা হৈছিল। ধনী পৰিয়ালৰ মহিলাসকলে চুলি সজোৱাৰ সময়ত বিশেষ পোছাকো পিন্ধিছিল যাতে সৰা চুলি কাপোৰত নপৰে। ১৮৯৮ চনত আমেৰিকাৰ আফ্ৰিকান-আমেৰিকান হেয়াৰড্ৰেছাৰ লাইডা নিউমেনে প্ৰথমবাৰৰ বাবে কৃত্ৰিম ব্ৰিছলযুক্ত হেয়াৰ ব্ৰাছ উদ্ভাৱন কৰে। ইয়াৰ পিছত ব্ৰাছ সহজলভ্য হৈ পৰে আৰু ইয়াৰ লগে লগে বহু ভুল ধাৰণাও সমাজত বিয়পি পৰে।

বাৰে বাৰে ফণীয়ালে চুলি সোনকালে বৃদ্ধি পায় নেকি?

কেলিফৰ্ণিয়াৰ হেয়াৰ বিশেষজ্ঞ নিকি কৰ্জাইনৰ মতে, চুলি বেছি ফণীয়ালে তাৰ বৃদ্ধি ত্বৰান্বিত নহয়। চুলিৰ বৃদ্ধি শৰীৰৰ জিন, হৰম’ন, পুষ্টি আৰু স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰে; ফণীওৱাৰ সংখ্যাৰ ওপৰত নহয়। ২০২৫ চনত কৰা এক সমীক্ষাত দেখা গৈছে যে এতিয়াও প্ৰায় ৪৬ শতাংশ লোকে এই ভুল ধাৰণাত বিশ্বাস কৰে।

চুলি অধিক ফণীয়ালে কি ক্ষতি হ’ব পাৰে?

বৈজ্ঞানিক গৱেষণাত দেখা গৈছে যে অত্যাধিক ফণীওৱা বা জোৰেৰে চুলি টানি আঁচোৰিলে চুলিৰ গঠন ক্ষতিগ্ৰস্ত হ’ব পাৰে। গৱেষকসকলে পৰীক্ষাগাৰত চুলি ইচ্ছাকৃতভাৱে জঁট লগাই ফণীৰে পৰিপাটি কৰিবৰ সময়ত লক্ষ্য কৰে যে বাৰে বাৰে টান পৰাত চুলিৰ ভিতৰত সূক্ষ্ম ফাট সৃষ্টি হয়। প্ৰথম অৱস্থাত সুস্থ চুলিয়ে এই চাপ সহ্য কৰিব পাৰিলেও দীৰ্ঘদিন একেধৰণৰ চাপ পৰিলে ভিতৰৰ পৰা চুলি দুৰ্বল হৈ শেষত ফাটি যাব পাৰে। বিশেষজ্ঞ ডেভিড টেইলৰৰ মতে, সমস্যা কেৱল কিমানবাৰ ফণীওৱা হয় তাত নহয়; ফণীওৱাৰ সময়ত কিমান জোৰ প্ৰয়োগ কৰা হয়, সেয়াটোৰ ওপৰতহে নিৰ্ভৰ কৰে। অৱশ্যে আন একাংশ বিশেষজ্ঞই কয় যে সাধাৰণভাৱে কোমল হাতেৰে নিয়মিত ফণীয়ালে হোৱা ক্ষতি অধিকাংশ মানুহৰ ক্ষেত্ৰত অতি নগণ্য।

নিয়মিত চুলি ফণীওৱাৰ লাভ আৰু লোকচান

বিশেষজ্ঞসকলৰ মতে, সঠিক পদ্ধতিত নিয়মিত চুলি ফণীওৱাৰ বহু উপকাৰো আছে। যেন-চুলিৰ জঁট লগা কমে, সৰি যোৱা চুলি সহজে আঁতৰি যায়, মূৰৰ ছালত জমা হোৱা ধূলি-মাটি আৰু মলিনতা আঁতৰায়, মূৰৰ স্বাভাৱিক তেল চুলিৰ গুৰিৰ পৰা আগলৈ সমভাৱে বিয়পি পৰাত সহায় হয়। ফলত চুলি অধিক মসৃণ আৰু উজ্জ্বল দেখায়।
বিশেষজ্ঞ জেৰেড ৰেনল্ডছৰ মতে, প্ৰতিদিনে এবাৰ বা দুবাৰ কোমলভাৱে ফণীওৱা অধিক নিৰাপদ। কিন্তু কেইবাদিনৰ মূৰত হঠাতে জোৰেৰে ফণীয়ালে ক্ষতি বহু বেছি হয়।

চুলিৰ ধৰণ অনুসৰি ফণীওৱাৰ নিয়ম

সকলোৰে চুলি একে নহয়। সেয়েহে ফণীওৱাৰ পদ্ধতিও চুলিৰ ধৰণ অনুসৰি বেলেগ হোৱা উচিত। পোন বা সামান্য ঢৌ খেলোৱা চুলি সপ্তাহত অন্ততঃ তিনিবাৰ ফণীয়াব লাগে।
ইচ্ছা কৰিলে দিনটোত এবাৰ বা দুবাৰো ফণীয়াব পাৰে। গা ধোৱাৰ পিছত সম্পূৰ্ণ ভিজা অৱস্থাত ফণীওৱাটো চুলিৰ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক, কিয়নো ভিজা চুলি অধিক দুৰ্বল হৈ থাকে। ঘূৰণীয়া চুলি একেবাৰে শুকান অৱস্থাত ফণীয়াব নালাগে। কণ্ডিচনাৰ বা ডিটেংগলিং প্ৰডাক্ট ব্যৱহাৰ কৰি ভিজা অৱস্থাত সাৱধানে ফণীওৱা অধিক উপযোগী। এনে চুলি সহজে জঁট লাগে আৰু আৰ্দ্ৰতা ধৰি ৰাখিব নোৱাৰে, সেয়েহে অধিক যত্নৰ প্ৰয়োজন হয়।

সঠিক ব্ৰাছ বাছনি কৰাটোও জৰুৰী

বিশেষজ্ঞসকলৰ মতে, সকলো চুলিৰ বাবে একে ধৰণৰ ফাণী বা ব্ৰাছ উপযুক্ত নহয়। ঘূৰণীয়া চুলিৰ বাবে নমনীয় আৰু কোমল ব্ৰিছলযুক্ত ব্ৰাছ ভাল। শুকান আৰু পোন চুলিৰ বাবে কোমল স্কেল্প-ফ্ৰেণ্ডলী ব্ৰাছ ব্যৱহাৰ কৰিলে মূৰৰ প্ৰাকৃতিক তেল সমভাৱে বিয়পি চুলি উজ্জ্বল কৰি ৰাখে। চুলি সুস্থ ৰাখিবলৈ দিনটোত অসংখ্যবাৰ ফণী চলোৱাৰ কোনো প্ৰয়োজন নাই। ইয়াৰ পৰিৱৰ্তে নিজৰ চুলিৰ ধৰণ বুজি সঠিক ফণী বা ব্ৰাছ বাছনি কৰি কোমলভাৱে নিয়মিত ফণীওৱা উত্তম অভ্যাস। চুলি টানি বা জোৰেৰে ফণীওৱাৰ সলনি ধৈৰ্যসহকাৰে সাৱধানে ফণীয়ালে চুলি ভঙা কমে, জঁট সহজে আঁতৰে আৰু চুলি সুস্থ, মসৃণ আৰু উজ্জ্বল হৈ থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Hair
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে
জীৱনশৈলী

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

September 7, 2026
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’
ভাৰত

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

September 7, 2026
৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?
জীৱনশৈলী

৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

September 7, 2026
বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড
অসম

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

September 7, 2026
Next Post
ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ…

ছলমান খানে যি কৰিব পৰা নাই, আমীৰ খানে কৰিলে ৩ বাৰ...

বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম

বৰষুণ বতৰত কাহ-চৰ্দিক সাধাৰণ ৰোগ বুলি ভাবে নেকি? ভুলতো নকৰিব এইকেইটা কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.