গুগলে এজন প্ৰাক্তন কৰ্মচাৰীক পুনৰ নিযুক্তি দিবলৈ বিপুল পৰিমাণৰ ধন দিবলগীয়া হ’ল। Artificial Intelligence Genius নামেৰে জনাজাত এই ব্যক্তিজনৰ নাম Noam Shazeer, গুগলৰ ওপৰত খং কৰি নিজৰ চাকৰি এৰি নিজাকৈ এটা ষ্টাৰ্টআপ আৰম্ভ কৰিছিল। গুগলে ২.৭ বিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ২২,৫৮৪ কোটি টকা দি তেওঁক পুনৰ নিযুক্তি দিছে।
৪৮ বছৰীয়া ছফটৱেৰ ইঞ্জিনিয়াৰ শ্বাজিৰে প্ৰথমবাৰৰ বাবে ২০০০ চনত গুগলত যোগদান কৰিছিল। ৱাল ষ্ট্ৰীট জাৰ্নেলত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি গুগলৰ সৈতে দীৰ্ঘদিন কাম কৰাৰ পিছত ২০২১ চনত তেওঁ কোম্পানী এৰি থৈ যায় কাৰণ গুগলে চেটবট মুকলি কৰিবলৈ তেওঁৰ অনুৰোধ নাকচ কৰিছিল। এই চেটবটটো শ্বাজিৰে তেওঁৰ সংগী ডেনিয়েল ডি ফ্ৰেইটাছৰ সৈতে সৃষ্টি কৰিছিল।
ইয়াৰ পিছত শ্বাজিৰ আৰু ডেনিয়েলে Character.AI বিকশিত কৰে যিটো ছিলিকন ভেলীৰ অন্যতম উজ্জ্বল ষ্টাৰ্টআপত পৰিণত হয়। এ আইৰ এই উন্নতি দেখাৰ লগে লগেই গুগলে তেওঁক মোটা অংকৰ ধন দি উভতাই মাতে৷ শ্বাজিৰেও এই প্ৰস্তাৱ মানি লোৱাৰ পাছতেই গুগলে ঘোষণা কৰে যে শ্বাজিৰে গুগলৰ এআই ইউনিট ডিপমাইণ্ডত যোগদান কৰিবলৈ ওলাইছে।
Character.AI ৰ প্ৰযুক্তিৰ উন্নীতকৰণৰ বাবে শ্বাজিৰক পুনৰ কোম্পানীলৈ অনাৰ বাবে কোম্পানীটোৱে ২.৭ বিলিয়ন ডলাৰ দিছে। এই চুক্তিৰ পিছত শ্বাজিৰৰ ষ্টাৰ্টআপ গুগলৰ বৌদ্ধিক সম্পত্তিত পৰিণত হৈছে। কোৱা হৈছে যে গুগলৰ প্ৰাক্তন চিচিঅ’ এৰিক স্মিটো শ্বাজিৰৰ দ্বাৰা বহু পৰিমাণে প্ৰভাৱিত হৈছিল। তথ্য অনুসৰি শ্বাজিৰৰ এআই মডেলে ভৱিষ্যতে মানুহৰ দৰে বুদ্ধিমত্তাৰে কাম কৰিব পাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ