ইৰান যুদ্ধ অব্যাহত আছে৷ এই পৰিস্থিতিত তেলৰ দাম বাঢ়িব পাৰে বুলি আশংকা কৰা হৈছিল৷ তাৰ মাজতেই চৰকাৰে পেট্ৰল আৰু ডিজেলত এক্সাইজ ডিউটি কমাই দিছে৷ বৃহস্পতিবাৰে সেই মৰ্মে এক নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে৷
এই নিৰ্দেশত জনোৱা হৈছে, পেট্ৰলৰ শুল্ক লিটাৰে প্ৰতি ১৩ টকাৰ পৰা কমাই ৩টকা কৰা হৈছে৷ অৰ্থাৎ লিটাৰে প্ৰতি ১০ টকা কমোৱা হৈছে শুল্ক৷ একেধৰণে ডিজেলৰ আবগাৰি শুল্ক লিটাৰে প্ৰতি ১০ টকাৰ পৰা কমাই ০ কৰা হৈছে৷ এতিয়াও লিটাৰে প্ৰতি ১০ টকা কমোৱা হৈছে৷
আৰু এই শুল্ক কমোৱাৰ ফলত সাধাৰম মানুহে অৱশ্যেই কিছু ৰেহাই পাব৷ ইন্ধনৰ দাম বাঢ়িব বুলি যি আশংকা কৰা হৈছিল সেই আশংকা দূৰ হৈছে সাধাৰণ মানুহৰ মনত৷ ইয়াৰোপৰি এই ঘোষণাৰ পাছত তেল কোম্পানীসমূহৰ দিশতো নজৰ থাকিব৷ হিন্দুস্তান পেট্ৰোলিয়াম কৰ্পৰেছন লিমিটেড, ভাৰত পেট্ৰলিয়াম কৰ্পৰেছন লিমিটেড আৰু ইণ্ডিয়ান অয়েল কৰ্পোৰেছনৰ শ্বেয়াৰ পূৰ্বৰ ট্ৰেডিং ছেচনত ঊৰ্ধ্বমুখী আছিল৷ আজিও এই সকলো শ্বেয়াৰৰ দাম বাঢ়িব পাৰে বুলি ধাৰণা কৰা হৈছে৷
অপৰিশোধিত তেলৰ দাম কমিছে
ইৰান যুদ্ধ চলিছে৷ এই পৰিস্থিতিত হঠাৎ বাঢ়ি গৈছিল অপৰিশোধিত তেলৰ দাম৷ কিন্তু আকৌ সেই তেলৰ দাম কমিবলৈ আৰম্ভ হৈছে৷ তাৰ পিছতো আছে মাৰ্কিন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্পৰ হাত৷ প্ৰেছিডেণ্ট ট্ৰাম্পে সম্প্ৰতি মন্তব্য কৰিছে যে ইৰানৰ সৈতে আলোচনা খুবেই ভালধৰণে চলিছে৷ হ’ব পাৰে এক ডিলো৷ কেৱল সেয়াই নহয় ১০ দিনৰ বাবে ইৰানৰ এনাৰ্জি ঘাঁটিত কোনো আক্ৰমণ চলোৱা নহ’ব বুলিও জনাইছে তেওঁ৷ ইয়াৰোপৰি তেওঁ স্পষ্ট কৰি দিছে যে ইৰানৰ চৰকাৰৰ অনুৰোধতেই তেনে সিদ্ধান্ত লোৱা হৈছে৷ ইয়াৰ ফলত দুই দেশৰ মাজত ডিল হলে সুবিধা হ’ব বুলি ধাৰণা কৰিছে ট্ৰাম্পে৷
আৰু এই ঘোষণাৰ ফলত অপৰিশোধিত তেলৰ দাম কিছু কমিব৷ ইয়াৰ ফলত ভাৰতৰ দৰে আমদানি নিৰ্ভৰ দেশৰ ইন্ধনৰ ওপৰত চাপ কমিছে৷ এইবাৰ শুল্কও কমাইছে কেন্দ্ৰই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















