সদ্যোজাতৰ জিনৰ পৰীক্ষা বাধ্যতামূলক৷ কোষ যি জিনেৰে বা ডি এন এৰে তৈয়াৰ হৈছে সেয়া পৰীক্ষা কৰি চোৱা হব৷ সেই শিশুটিয়ে আগন্তুক দিনত কোনো জটিল ৰোগৰ চিকাৰ হব নেকি সেয়া ধৰা পৰিব৷ পূৰ্বেই ধৰা পৰিলে আগতীয়াকৈয়ে সেই ৰোগৰো চিকিৎসা চলিব শিশুটিৰ ওপৰত৷ এই পৰিকল্পনা লৈছে ব্ৰিটেনৰ নেশ্ব্যনেল হেলথ ছাৰ্ভিছে৷ জিনগত ৰোগ বা অটোইমিউন অসুখৰ নিৰাময় যাতে কৰিব পাৰি বা দুৰাৰোগ্য ব্যাধি চিহ্নিত কৰিবলৈ ডি এন এ মেপিং কৰা হয়৷ শিশুৰ জিনগত পৰীক্ষা পূৰ্বে কৰা থাকিলে পূৰ্বৰে পৰাই এই চিকিৎসা কৰিব পৰা যায়৷ সেয়ে আগন্তুক ১০ বছৰৰ বাবে এই পৰিকল্পনা লৈছে এন এইচ এছে৷ শিশুৰ জন্মৰ লগে লগেই মাতৃৰ নাড়ি বা অম্বিলিকেল কৰ্ডৰ পৰা কোষৰ নমুনাক লৈ তাৰ ডি এন এ টেষ্ট কৰা হয়৷ প্ৰায় লক্ষাধিক নৱজাতকৰ কোষৰ নমুনা পৰীক্ষা কাম আৰম্ভ কৰিছে ব্ৰিটেইনে৷
জিনগত পৰীক্ষা কিয় ইমান জৰুৰী?
বিশ্বত আনুমানিক ৭০০০ ধৰণৰ বিৰল ৰোগ আছে আৰু প্ৰায় ৩০ কোটি মানুহ এই ৰোগত ভূগি আছে৷ সমীক্ষাই কৈছে যে প্ৰতিবছৰে মুঠ যিমান শিশু জন্ম হৈছে তাৰ মাজত প্ৰায় ৬শতাংশ এই ধৰণৰ বিৰল ৰোগ আছে৷ এওঁলোকৰ মাজত ৩০শতাংশৰেই পাঁচ বছৰ বয়স হোৱাৰ পূৰ্বেই মৃত্যু ঘটে৷ প্ৰেছ ইনফৰমেছন ব্যুৰৰ তথ্যই কৈছে, এই দেশত প্ৰতি বছৰে ৫০ লাখ শিশু নানান জিনগত ৰোগ লৈ জন্ম হয়৷ যদিও সকলো জিনগত ৰোগ প্ৰাণঘাতী নহয়, সাবধানে থকা জৰুৰী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ