কেন্দ্ৰৰ বৃহৎ সিদ্ধান্ত৷ ঔষধৰ দামক লৈ বৃহৎ পদক্ষেপ ল’লে কেন্দ্ৰই৷ এইবাৰ সস্তা হ’ল কৰ্কটৰ ঔষধ৷ ৫৪ তম জিএছটি কাউন্সিলৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে৷ কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা হৈছে যে কৰ্কটৰ ঔষধত জিএছটিৰ হাৰ ১২শতাংশৰ পৰা কমাই ৫শতাংশ কৰা হ’ল৷ জীৱনদায়িনী ঔষধ যাতে আৰু সাধ্যৰ ভিতৰত আহে তাৰ বাবে এই সিদ্ধান্ত লৈছে কেন্দ্রই৷
জিএছটি কাউন্সিলৰ বৈঠকত জনোৱা হৈছে যে ট্ৰাছটুজুমাৰ ডেৰুক্সটেকান, অচিমেৰটিনি আৰু ডুৰভালুমাৰৰ দৰে কৰ্কটৰ চিকিৎসাত ব্যৱহৃত ঔষধৰ ওপৰত জিএছটি কমোৱাৰ সিদ্ধান্ত লোৱা হৈছে৷ বিগত কেইবা বছৰ ধৰি চৰকাৰে কৰ্কটৰ ঔষধ সহজলভ্য কৰাৰ লক্ষ্য আগত ৰাখি বিভিন্ন পদক্ষেপ লৈছে৷ চলিত বছৰৰ বাজেটত কৰ্কট আৰু জীৱনদায়ী ঔষধৰ দাম কমোৱাৰ কথা ঘোষণা কৰা হৈছিল৷ ২০২৩ চনৰ জুলাই মাহতো জিএছটি কাউন্সিলৰ তৰফৰ পৰা বিভিন্ন জীৱনদায়ী ঔষধত জিএছটি সম্পূৰ্ণ এৰি দিয়াৰ কথা ঘোষণা কৰা হৈছিল৷ কেৱল কৰ্কটৰ ঔষধেই নহয়, জিএছটি কাউন্সিলৰ তৰফৰ পৰা জিএছটি হ্ৰাস কৰাৰ কথা ঘোষণা কৰা হৈছিল৷ জিএছটি ১৮ শতাংশ কমাই ১২ শতাংশ কৰা হৈছে৷ ইয়াৰোপৰি তীৰ্থযাত্ৰাত হেলিকপ্টাৰ যাত্ৰাতো জিএছটি কমাই ৫ শতাংশ হ্ৰাস কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















