গুলি লাগিছে অভিনেতা গোবিন্দৰ ভৰিত৷ পুৱাই এই খবৰ শুনি আচৰিত হোৱাৰ লগতে শংকিতও হৈ পৰিছিল অনুৰাগী৷ অভিনেতাগৰাকীক ইতিমধ্যেই হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ তেওঁক লৈ বিভিন্নজনে গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ সময়তে ভাইৰেল হৈ পৰিছে এটা অডিঅ’ ক্লিপ৷ তাত তেওঁৰ শাৰীৰিক অৱস্থাৰ আপডেট সম্পৰ্কে কৈছে৷ (এই অডিঅ’ সম্পৰ্কে অসম লাইভ ২৪য়ে সত্যতা নিৰূপণ নকৰে৷ কেৱল ভাইৰেল ক্লিপৰ আধাৰতহে এই বাতৰি প্ৰস্তুত কৰা হৈছে৷)
গোবিন্দৰ অ়ডিঅ’ ক্লিপটোত শুনা গৈছে, ‘হেল্ল’ মই গোবিন্দ৷ আপোনালোক সকলোৰে আশীৰ্বাদ আৰু মা দেউতাৰ আশীৰ্বাদ আৰু ভগৱানৰ কৃপাত মই ভালে আছো৷ এটা বুলেট লাগিছিল৷ সেই বুলেটটো বাহিৰ কৰা হৈছে৷ মই চিকিৎসকক ধন্যবাদ জনাইছো৷ লগতে মোৰ বাবে প্ৰাৰ্থনা কৰা সকলোলৈকে অশেষ ধন্যবাদ৷’
কেনেকৈ গুলীবিদ্ধ হ’ল অভিনেতা গোবিন্দ?
পুৱাৰে পৰাই এই প্ৰশ্নই খেদি ফুৰিছে বহুজনক৷ গোবিন্দৰ মেনেজাৰ শশী সিনহাই এই ঘটনাক লৈ এএনআইক কয়, ‘ঘটনাটো ঘটিছে পুৱতি নিশা ৪বাজি ৪৫ মিনিটত? গোবিন্দই এটা ইভেণ্টলৈ যোৱাৰ প্ৰস্তুতি চলাই আছিল৷ সেই সময়ত তেওঁ নিজৰ ৰিভলভাৰটো পৰিষ্কাৰ কৰি আছিল৷ কিন্তু তলা খোলা থকাৰ বাবে তেওঁৰ ভৰিত গুলি লাগে৷ লগে লগেই তেওঁক আন্ধেৰিৰ ক্ৰিটিকেল কেয়াৰ হাস্পতালত আমি ভৰ্তি কৰাওঁ৷ ইতিমধ্যেই গুলিটো উলিয়াই অনা হৈছে৷’
গোবিন্দৰ কন্যা টিনা আহুজাই এবিপি নিউজৰ আগত কয়, ‘মই দেউতাৰ কাষতেই আছো৷ দেউতাৰ শাৰীৰিক অৱস্থা পূৰ্বতকৈ ভাল৷ অপাৰেছন হৈ গৈছে৷ ২৪ ঘণ্টা আইচিইউত ৰখা হ’ব৷ আতংকিত হোৱাৰ প্ৰয়োজন নাই৷ আঁঠুৰ তলৰ অংশত গুলি লাগিছে৷ অপাৰেছন ভালে ভালে হৈ গ’ল৷ আলমাৰিত ৰিভলভাৰ থবলৈ যাওঁতেই হাতৰ পৰা ৰিভলভাৰটো হঠাৎ পৰি ভৰিত গুলি লাগে৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ