৭.৮ লাখ চিম, ৩ হাজাৰ স্কাইপ আইডি আৰু ৮৩ হাজাৰ হোৱাটছএপ একাউণ্ট ব্লক চৰকাৰৰ
চাইবাৰ জালিয়াতিৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰতা অব্যাহত আছে। প্ৰকাশিত তথ্য অনুসৰি, চলিত বৰ্ষৰ ফেব্ৰুৱাৰীলৈকে ৭.৮ লাখতকৈ অধিক চিম কাৰ্ড, ৩ হাজাৰতকৈ অধিক স্কাইপ আইডি লগতে ৮৩ হাজাৰতকৈ অধিক হোৱাটছএপ একাউণ্ট ব্লক কৰিছে চৰকাৰে।
লোকসভাত ডিজিটেল জালিয়াতিৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাৰ তথ্য সদৰি চৰকাৰৰ। কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী বন্দী সঞ্জয় কুমাৰে লোকসভাত সোধা এটা লিখিত প্ৰশ্নৰ উত্তৰ দিওঁতে এই তথ্য প্ৰদান কৰে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ২৮ ফেব্ৰুৱাৰীলৈকে সংস্থাটোৱে ডিজিটেল জালিয়াতিৰ সৈতে জড়িত ৭.৮১ লাখৰো অধিক চিম কাৰ্ড ব্লক কৰিছে। কেৱল সেয়াই নহয়, চৰকাৰে ২,০৮,৪৬৯টা আইএমইআই নম্বৰো ব্লক কৰিছে। চাইবাৰ অপৰাধৰ বাবে ব্যৱহাৰ কৰা হৈছিল এই সমূহ।
ইয়াৰ উপৰিও গৃহ মন্ত্ৰালয়ৰ সহযোগী সংস্থা I4C য়ে ৩,৯৬২ টা স্কাইপ আইডি চিনাক্ত কৰি ব্লক কৰিছে। ইয়াৰ উপৰিও সংস্থাটোৱে ৮৩,৬৬৮টা হোৱাটছএপ একাউণ্টো ব্লক কৰিছে।
লোকসভাত ভাষণ দি কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীয়ে কয় যে ২০২১ চনত মোডী চৰকাৰে I4C আৰম্ভ কৰিছিল। এইটো এটা দ্ৰুত সঁহাৰি সংস্থা যিয়ে বিত্তীয় জালিয়াতিৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰে। এই পৰ্যন্ত ১৩.৩৬ লাখ অভিযোগত ৰাহি হৈছে ৪৩৮৯ কোটি টকা। ইয়াৰ উপৰিও চাইবাৰ জালিয়াতিৰ বাবেও চৰকাৰে আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ ১৯৩০।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ