অসম লাইভ ২৪ঃ ক’ৰোনাৰ দ্বিতীয় ঢৌত ভাৰাক্ৰান্ত সমগ্ৰ দেশ। এনে পৰিপ্ৰেক্ষিতত অনাথ শিশু, জ্যেষ্ঠ নাগৰিক আৰু অনগ্ৰসৰ শ্ৰেণীৰ লোকসকলক বিশেষ গুৰুত্ব দিবৰ বাবে ৰাজ্যসমূহক নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। শুকুৰবাৰে এক বিবৃতিযোগে এই নিৰ্দেশ প্ৰদান কৰে ৰাজ্যসমূহক। বিশেষকৈ অনাথ শিশুসকলক সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সতৰ্ক হ’বলৈ আহ্বান জনায় কেন্দ্ৰই। এই ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰিছে শিশু অধিকাৰ সুৰক্ষা সংস্থাসমূহে। অনগ্ৰসৰ শ্ৰেণীৰ লোকসকল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লোকসকলৰ ক্ষেত্ৰত কেন্দ্ৰই কি সুযোগ-সুবিধা প্ৰদান কৰিছে সেই সন্দৰ্ভতো উল্লেখ কৰে কেন্দ্ৰই। প্ৰত্যেকখন থানাত মহিলাৰ সুবিধাৰ্থে ‘হেল্প ডেস্ক’ গঠন কৰাৰো নিৰ্দেশ দিয়ে কেন্দ্ৰই। অভিভাৱকহীন শিশুসকলৰ ভৱিষ্যতৰ আশংকা প্ৰকাশ কৰি শিশুসকলৰ দায়িত্ব লোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ