অসম লাইভ ২৪ঃ সোমবাৰে দেশত জুৰুৰীকালীন ব্যৱহাৰৰ বাবে মুকলি কৰা হ’ল এণ্টি-কোভিড ড্ৰাগ 2-DG(2-DEOXY-D-GLUCOSE)। DRDO ই মুকলি কৰে এণ্টি-কোভিড ঔষধ 2-DG। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনৰ হাতত 2-DG আনুষ্ঠানিকভাৱে অৰ্পন কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। drl, ইনষ্টিটিউট অৱ নিউক্লিয়েৰ মেডিচিন এণ্ড এলাইড ছায়েন্স(INMAS) আৰু DRDO য়ে তৈয়াৰ কৰিছে এইবিধ ঔষধ। 2-DG য়ে কোভিড ৰোগীৰ ক্ষেত্ৰত অক্সিজেনৰ ওপৰত নিৰ্ভৰতা প্ৰায় ৪০ শতাংশ অতিক্ৰম কৰাত সহায় কৰিব। 2-DG হৈছে ভাৰতে দেশীয়ভাৱে নিৰ্মাণ কৰা প্ৰথমটো এণ্টি-কোভিড ঔষধ। ১ মে’ত DCGI এইবিধ মেডিচিন জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন জনায়। ক্লিনিকেল পৰীক্ষাৰ ফলাফলত দেখা পোৱা গৈছে যে, 2-DG প্ৰয়োগ কৰিলে চিকিৎসাধীন কোভিড ৰোগীয়ে দ্ৰুত আৰোগ্য লাভ কৰে আৰু অক্সিজেনৰ নিৰ্ভৰতা হ্ৰাস কৰে। 2-DG মেডিচিন গ্ৰহণ কৰা কোভিড ৰোগীৰ RT-PCR ৰিপ’ৰ্ট নিগেটিভ অহাৰ কথা উল্লেখ কৰে DRDO য়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ