অসম লাইভ ২৪ঃ যোৰহাটৰ স্থাপন কৰা হৈছে দেশৰ প্ৰথমটো গ্ৰীণ হাইড্ৰ’জেন প্লাণ্ট৷ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ’ব প্ৰকল্পৰ কাম৷ হাইড্ৰ’জেনক ভৱিষ্যতৰ ইন্ধন হিচাপে ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰিছে এক বৃহৎ পদক্ষেপ৷ এই ক্ষেত্ৰত দেশক নেতৃত্ব দিব অইল ইণ্ডিয়া লিমিটেডে৷ অইল ইণ্ডিয়াৰ এই অভিযানত নেতৃত্ব দিছে এগৰাকী অসমীয়া যুৱকে৷ বায়ু প্ৰদূষণ আৰু গোলকীয় উষ্ণতা হ্ৰাস কৰি পৃথিৱীখন মানৱ জাতিৰ বাসোপযোগী কৰি তুলিবলৈ সমগ্ৰ বিশ্বই পেট্ৰ’ল ডিজেলৰ পৰিৱৰ্তে প্ৰদূষণবিহীন বিকল্প ইন্ধনৰ সন্ধান আৰম্ভ কৰিছে৷ তাৰেই অংশ হিচাপে অইল ইণ্ডিয়া লিমিটেডে যোৰহাটত স্থাপন কৰিছে দেশৰ প্ৰথমটো গ্ৰীণ হাইড্ৰ’জেন প্লাণ্ট৷ চাৰিগাঁৱৰ অইল ইণ্ডিয়া কেম্পাছত আৰম্ভ কৰা হৈছে পাইলট প্ৰকল্পটো৷ সাত কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পত AEM এক বিশেষ টেকন’লজি ব্যৱহাৰ কৰা হৈছে৷ এই পদক্ষেপে বায়ুমণ্ডলত বৃদ্ধি কৰিব অক্সিজেনৰ পৰিমান৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ