অসম লাইভ ২৪ঃ দেশৰ অৰ্থনীতিৰ অৱস্থা একেবাৰে দুখ লগা। নিম্নগামী অৰ্থনীতিৰ জোৰা-টাপলি মাৰিবলৈ মোদী চৰকাৰৰ ক’ত ধৰিম ক’ত এৰিম অৱস্থা। কোন সামগ্ৰীত দাম বৃদ্ধি কৰিম বা কোন সামগ্ৰীৰ দাম কমাম তাক লৈয়ে চিন্তা চৰ্চাত ব্যস্ত মোদী চৰকাৰৰ এদল আমোলা, বিষয়া। শেষত সাতে পাঁচে বাৰ কৰি দাম বৃদ্ধি নতুন ফৰ্মুলা এপ্লাই মোদী চৰকাৰৰ। জনতাৰ জ্ঞাতাৰ্থে জনাই থওঁ যে যদি কোনো সদাশয় ব্যক্তিয়ে যদি নতুন বছৰত জোতা-চেণ্ডেল বা পিন্ধা কাপোৰ কিনিম বুলি ভাৱিছে তেন্তে এতিয়াই কিনক।কিয়নো ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা সাধাৰণ জোতা-চেণ্ডেল বা সাধাৰণ কাপোৰৰ দামবোৰ সাধাৰণ হৈ নাথাকে। ১ জানুৱাৰীৰ পৰা প্ৰায়বোৰ সামগ্ৰীতে জিএছটি বৃদ্ধি পাব ১২ শতাংশলৈ। চৰকাৰৰ পৃষ্ঠপোষকতাত সামগ্ৰীৰ এই জিএছটিৰ হাৰ বৃদ্ধি কৰিছে The Central Board of Indirect Texes and Customs য়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















