জ্যোতিষ শাস্ত্ৰ অনুসৰি, এক নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে প্ৰতিটো গ্ৰহই ৰাশি পৰিবৰ্তন কৰে কিংবা উদয়, অস্ত যায়। যাৰ প্ৰভাৱ পৰে বিভিন্ন ৰাশিৰ জীৱনত। জ্যোতিষশাস্ত্ৰত দেৱগুৰু বৃহস্পতি জ্ঞান আৰু বুদ্ধিৰ কাৰক বুলি বিবেচিত। প্ৰায় ১৩ মাহ পাছত এক ৰাশিৰ পৰা অন্য় ৰাশিত গমন কৰে বৃহস্পতিয়ে। আৰু এটা ৰাশিচক্ৰ সম্পূৰ্ণ কৰিবলৈ বৃহস্পতিৰ ১২ বছৰ সময় লাগে। আগন্তুক জুন মাহত বৃহস্পতি উদিত হব। গুৰুৰ উদয়ে তিনি ৰাশিৰ ভাগ্য সলনি কৰিব।
মিথুন ৰাশি
বৃহস্পতিৰ উদয়ে মিথুন ৰাশিৰ ভাগ্য উদয় কৰিব। যিকোনো পৰিস্থিতি অনুকূল হব। আয়ৰ নতুন উৎস বিচাৰি পাব। অফিচত প্ৰমোছন পাব পাৰে। বিনিয়োগৰ ব্যৱসায়ত লাভৰ মুখ দেখিব। সন্তানৰ পৰীক্ষা সংক্ৰান্তীয় দুশ্চিন্তা কমিব।
তুলা ৰাশি
বৃহস্পতিৰ উদয় তুলা ৰাশিৰ বাবে লাভজনক হব। বহু দিন ৰৈ থকা কাম এইবাৰ শেষ কৰিব পাৰিব। চাকৰিয়ালৰ বাবে এই সময় ভাল। আৰ্থিক পৰিস্থিতি উন্নতি হব। পৰিয়ালত শান্তি বৰ্তি থাকিব।
মীন ৰাশি
দেৱগুৰুৰ কৃপাত মীন ৰাশিৰ ভাগ্যৰ চকা ঘূৰিব। পুৰণি ঋণৰ পৰা মুক্তি পাব। চৰকাৰী চাকৰি লাভৰ সুযোগ আহিব পাৰে। আৰ্থিক সংকট দূৰ হব। ব্যৱসায়ত পাৰ্টনাৰৰ সৈতে সম্পৰ্ক মজবুত হব। কৰ্মসূত্ৰে বিদেশ ভ্ৰমণৰ যোগ আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















