গুৱাহাটীত গ্ৰীণবাছে মহতিয়ালে এজন অটো চালকক, আহত কেইবাজনো
গুৱাহাটী মহানগৰীৰ খানাপাৰাত আজি ১৯ মাৰ্চ তাৰিখে পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন গ্ৰীণ বাছে মহতিয়াই লৈ যায় কেইবাজনকো। তাৰে ভিতৰত এগৰাকীৰ মৃত্যু লগতে আহত হয় অন্য দুজন লোক।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি পথৰ কাষত ৰৈ থকা এখন অটো’ত প্ৰচণ্ড জোৰে খুন্দা মাৰে গ্ৰীণ বাছে। যাৰ ফলত ঠাইতে প্ৰাণ হেৰুৱাই অটোৰ চালকগৰাকী। নিহত ব্যক্তি গৰাকীৰ নাম হিতেশ কলিতা।
দুৰ্ঘটনা সংঘটিত কৰা বাছ খনৰ নম্বৰ AS 20 2558 আনহাতে দুৰ্ঘটনাগ্ৰস্ত অটো খনৰ নম্বৰ AS 01QC 8716.
অভিযোগ অনুসৰি, দুৰ্ঘটনা সংঘটিত কৰা বাছখন সেইসময়ক বাছখনৰ পৰিচালকে চলাই আছিল। অন্যহাতে দুৰ্ঘটনাটোত দুজনকৈ ব্যক্তি গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত লোক কেইজনক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
আনহাতে দুৰ্ঘটনাটোৰ পিছৰে পৰা কোনো চিটি বাছ ৰখাবলৈ দিয়া নাই খানাপাৰাত। একাংশ চালকৰ অভিযোগ চৰকাৰী বাছ হোৱাৰ বাবেই নামানে কোনো নীতি নিৰ্দেশনা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















