আকৌ পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি।
স্বামীৰ পৰকীয়া প্ৰেম সহ্য কৰিব নোৱাৰি পত্নীৰ চিপ লৈ আত্ম্যহত্যা।
উত্তেজিত জনতাই স্বামীক কৰায়ত্ত কৰি উত্তম মাধ্যম সোধাই গতাই দিয়ে আৰক্ষীক৷
এই ঘটনাটো সংঘটিত হৈছে নুনমাটি থানাৰ অন্তৰ্গত মেগজিনৰ কনকলতা পথত।
মেগজিনৰ কনকলতা পথৰ বাসিন্দা নবীন ডেকা পেছাত গেলামাল দোকানী।
অভিযোগমতে ব্যবসায়ী নবীন ডেকাৰ লগত অবৈধ প্রেমৰ সম্পৰ্ক আছিল আন এগৰাকী মহিলাৰ।
ইয়াকে লৈ নবীন ডেকা আৰু তেওঁৰ পত্নী মুনু ডেকাৰ লগত দীৰ্ঘদিন ধৰি সংঘাত চলি আছিল।
শনিবাৰে পুৱাৰ ভাগত পত্নী মুনু ডেকাই নিজ স্বামী নবীন ডেকা আৰু আৰু অবৈধ প্ৰেমিকা মহিলা গৰাকীৰ মোবাইল ফোন অফ থকাত একেলগে হোটেলত যোৱা বুলি সন্দেহ কৰি ওচৰ চুবুৰীয়াক অবগত কৰে।
তাৰপিছতেই মুনু ডেকাই নিজ ঘৰৰ ভিতৰতে দুৱাৰ বন্ধ কৰি গামোচাৰে ফেনত চিপ লৈ আত্ম্যহত্যা কৰে।
স্থানীয় ৰাইজে সমগ্ৰ ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীক খবৰ দিয়ে।
মহিলাগৰাকীৰ স্বামী নবীন ডেকাই ঘৰত উপস্থিত হোৱাত স্থানীয় ৰাইজে কৰায়ত্ত কৰি উত্তম মাধ্যম সোধায়।
নুনমাটি আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ নবীন ডেকাক ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰে।
আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মহিলা গৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে।
ইপিনে অবৈধ প্ৰেয়সী বিনীতা শৰ্মাই নবীন ডেকাৰ লগত প্ৰেমৰ সম্পৰ্কৰ কথা অস্বীকাৰ কৰে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ