অসম লাইভ ২৪ঃ এফালে ৰাজনৈতিক নেতাৰ প্ৰচাৰ সভাত জনতাৰ সমাগম, আনফালে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ। পুনৰ সাধাৰণ জীৱনযাত্ৰা ব্যাহত হোৱাৰ আশংকা। ৰাজ্যত পুনৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ। গুৱাহাটী মহানগৰীত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক হাৰত বৃদ্ধি হৈছে সংক্ৰমণ। গুৱাহাটীত নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে ৩৩গৰাকী লোক। আনফালে ৰাজ্যত সক্ৰিয় অৱস্থাত আছে ৫৩৮গৰাকী কোভিড ৰোগী। শুকুৰবাৰে জু-ৰোডস্থিত এক্সিচ বেংকৰ কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰীৰ দেহত ধৰা পৰে ক’ৰোনাৰ অৱস্থিতি। তাৰ পাছতে দুদিনৰ বাবে বেংক বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে বেংক কৰ্তৃপক্ষই। অৱশ্যে প্ৰশাসনৰ তৰফৰ পৰা এই পৰ্যন্ত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। এনেধৰণে উদ্বেগজনকভাৱে বৃদ্ধি পোৱা সংক্ৰমণৰ ঘটনাই স্বাভাৱিকতেই চিন্তিত কৰি তুলিছে জনতাক। দীৰ্ঘসময়ৰ লকডাউনৰ পিছত ক্ৰমাৎ স্বাভাৱিক হোৱা জীৱন যাত্ৰাত ব্যাঘাট জন্মাৰ আশংকাত শংকিত হৈ পৰিছে জনসাধাৰণ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ