ডিজিটেল ডেস্কঃ ২০২৪ৰ পৰা অসমৰ ৰাজনীতিত বহু পৰিৱৰ্তন দেখিবলৈ পাব ৰাইজে। ইতিমধ্যে জালুকবাৰী এৰি উজনিৰ যোৰহাট বিধানসভা সমষ্টিত প্ৰতিন্দন্দ্বিতা কৰাৰ মন মেলিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কেৱল হিমন্ত বিশ্ব শৰ্মাকে নহয়, এইবাৰ বিজেপিয়ে সৰ্বানন্দ সোণোৱালক লৈও কৰিছে এক বিশেষ পৰিকল্পনা। লোকসভা নিৰ্বাচনকেন্দ্ৰিক ৰাজনৈতিক হিচাপ-নিকাচ কৰাৰ বাবে ১০জানুৱাৰীত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নড্ডা।
২৪ৰ লোকসভা নিৰ্বাচনৰ জৰিয়তে ৰাজ্যৰ ৰাজনীতিৰ ৰূপৰেখা সলনি কৰি দিয়াৰ ব্লু-প্ৰিন্ট ৰচিয়ে সংঘৰ পৰিয়াল আৰু বিজেপিয়ে। ২০১৫চনৰ পৰাই বিজেপিৰ উজনি অসমৰ নেতা হিচাপে আগত থৈ বিজেপিয়ে কাম কৰি অহা সৰ্বানন্দ সোণোৱালক ২৪ৰ লোকসভা নিৰ্বাচনত অসমৰ এটা বিশেষ সমষ্টিৰ পৰা নিৰ্বাচনত নমোৱাৰ পৰিকল্পনা অতি সন্তপৰ্ণে কৰিছে সংঘৰ পৰিয়াল আৰু বিজেপিয়ে।
বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আগন্তুক লোকসভা নিৰ্বাচনত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত নমোৱাৰ পৰিকল্পনা কৰিছে বিজেপিৰ নেতৃত্বই। কিন্তু সৰ্বানন্দ সোণোৱাল বৰ্তমান বিজেপিৰ সংসদীয় বৰ্ড আৰু কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ দৰে গুৰুত্বপূৰ্ণ বৰ্ডৰ সদস্য হৈ থকাৰ বাবে বিজেপিয়ে এই সিদ্ধান্তত আনুষ্ঠানিক মোহৰ মাৰিব পৰা নাই।
ক্লিক কৰি পঢ়কঃ EVMত নাই কোনো খেলিমেলি! উত্তৰ পায়ো বাৰে বাৰে এটাই প্ৰশ্ন কিয়ঃ কংগ্ৰেছক উভতি ধৰিলে নিৰ্বাচনী আয়োগে…
এতিয়ালৈকে উজনি অসমৰ পৰাই বিধায়ক, সাংসদ হৈ থকা সৰ্বানন্দ সোণোৱালক গুৱাহাটীত প্ৰাৰ্থিত্ব প্ৰদান প্ৰক্ৰিয়াই স্বাভাৱিকতে বহু বিজেপিৰ নেতাৰ টোপনি হাৰিছে। সৰ্বানন্দ সোণোৱালেও লক্ষ্যণীয়ভাৱে গুৱাহাটী লোকসভা সমষ্টিত নিজৰ সক্ৰিয়তা তীব্ৰতৰ কৰা দেখা গৈছে। এতিয়া কেতিয়াকৈ বিজেপিয়ে চলি থকা এই ৰাজনৈতিক চৰ্চাত শেষ মোহৰ মাৰে সেয়াহে লক্ষ্যণীয় হব।
ইফালে বৰ্তমানো যোৰহাট বিধান সমষ্টিটো বিজেপিৰ দখলতে থকাৰ বাবে সেই সমষ্টিটোক লৈও অন্য এক অংক কৰিছে বিজেপিয়ে। বৰ্তমান সমষ্টিটোত বিধায়ক হৈ থকা হিতেন্দ্ৰ নাথ গোস্বামীক সমষ্টিটোৰ পৰা আতৰাই ৰাজ্যসভাৰ সাংসদ নাইবা গধুৰ দলীয় দায়িত্বও অৰ্পন কৰিব পাৰে বুলি চৰ্চা চলিছে। আনফালে গুৱাহাটী লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ হৈ থকা কুইন ওজাকো পৰৱৰ্তী সময়ত কিদৰে, ক’ত বিজেপিয়ে সংস্থাপিত কৰে সেয়াও হ’ব লক্ষ্যণীয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ