উলুবাৰী লোমহৰ্ষক ঘটনাৰ ন ন তথ্য ফাদিল, পাছে কি সঁচা-কি মিছা
পুনৰ গুৱাহাটী মহানগৰীত নৃশংস হত্যাকাণ্ড । লোহাৰ ৰোডেৰে মৰিয়াই মৰিয়াই পত্নীক হত্যা কৰিলে স্বামীয়ে। স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নী শ্ৰেয়া ভট্টাচাৰ্যৰ । আজি ১৬ ফেব্ৰুৱাৰী তাৰিখে সংঘটিত হৈছে এই ঘটনা।
পত্নীৰ প্ৰাণ লৈ আৰক্ষীৰ ওচৰত আত্মসমৰ্পনো কৰে নৃশংস স্বামী ৰুবুল শৰ্মাই। পল্টনবজাৰ আৰক্ষী থানাত আত্মসমৰ্পন কৰে স্বামী ৰুবুলে। এটি দুবছৰীয়া কন্যা সন্তানো আছে ৰুবুল আৰু শ্ৰেয়াৰ।
উলুবাৰীত সংঘটিত হত্যাকাণ্ডক লৈ এতিয়া চাঞ্চল্য। পাছে এই ঘটনাৰেই এতিয়া ন ন দিশ ফাদিল। আৰক্ষীৰ ওচৰত বিস্ফোৰক মন্তব্য পত্নী হত্যাকাৰী স্বামী ৰুবুলৰ।
সাংবাদিকৰ কেমেৰাৰ সন্মুখত বিস্ফোৰক স্বীকাৰোক্তি হত্যাকাৰী ৰুবুল শৰ্মাৰ। দিয়া মন্তব্য অনুসৰি, ‘অন্য যুৱকৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ কথা গম পাইছিলো, সেয়ে মাৰি পেলালো।’
লগতে ইয়াকো কয় যে, নগাঁৱৰ হেমন্ত কলিতা নামৰ এজন যুৱকৰ সৈতে সম্পৰ্ক আছিল পত্নী শ্ৰেয়াৰ। হেমন্ত কলিতাক ফোন কৰি কথাবোৰ সোধাৰ পিছত পত্নীয়ে হাৰাশাস্তি কৰিছিল স্বামী ৰুবুলক।
আনহাতে হত্যাকাৰী ৰুবুলৰ অভিযোগ নস্যাৎ মৃত পত্নী শ্ৰেয়াৰ পৰিয়ালৰ। পৰিয়ালৰ মন্তব্য কোনো অন্য যুৱকৰ সৈতে সম্পৰ্ক নাছিল শ্ৰেয়াৰ। বৰঞ্চ ঘৰৰ পৰা ওলাব নিদিছিল ৰুবুলে, ঘৰৰ ভিতৰতে বন্দী কৰি ৰাখিছিল শ্ৰেয়াক।
পৰিয়ালে লগতে ইয়াকো কয় যে, ৰুবুলে শ্ৰেয়াক ১৮ বছৰ নহওঁতে পলুৱাই আনি বিয়া কৰাইছে। পত্নীক অন্য যুৱকৰে সন্দেহ কৰি ৰুবুলে শ্ৰেয়াৰ সৈতে কাজিয়া কৰিছিল।
উল্লেখ্য যে, নলবাৰীৰ ৰুবুলে ডাউকীৰ শ্ৰেয়াক পলুৱাই আনি বিবাহ কৰিছিল। গুৱাহাটীৰ উলুৱাৰীত ভাড়াতীয়া হিচাপে বাস কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ