থানাৰ ভিতৰত কি কি কৰা হৈছে জ্ঞানদ্বীপৰ সৈতে? থানাৰ ভিতৰত দাগী অপৰাধীৰ দৰে ব্যৱহাৰ কৰা হৈছিল জ্ঞানদ্বীপ হাজৰিকাক৷ আনকি হেণ্ডকাফ লগাই লৈ যোৱা হৈছিল থানালৈ৷ তাৰপিছতেই অপৰাধীৰ দৰে প্ৰহাৰ কৰা হৈছিল জ্ঞানদ্বীপক৷ ফেন্সি বজাৰত প্ৰহাৰ কৰাতেই শান্ত নাথাকি থানাৰ ভিতৰতো চৰ শোধোৱা হৈছিল জ্ঞানদ্বীপ হাজৰিকাক৷
এই সন্দৰ্ভত এজাহাৰ দিবলৈ গৈ জ্ঞানদ্বীপে কয়, ‘থানাৰ ভিতৰত মোক এচৰ দিছিল৷ মোক হেণ্ডকাফ লগাই ৰছীৰে ধৰি লৈ গৈছিল৷ মোৰ দেউতা আজি নাই৷ দেউতা আজি থকা হ’লে ৰিটায়াৰমেণ্ট ডিএছপি হৈ থাকিলহেতনে৷ মোৰ দেউতা ২০১১ চনতেই এছ আই আছিল৷ মোক প্ৰহাৰ কৰাৰ আৰু এটা ভিডিঅ’ আছিল৷ মোক প্ৰহাৰ কৰি কৰি আৰক্ষীয়ে ৰখাইছিল৷ সেই ভিডিঅ’ এতিয়া নাই৷ ক’ত কি হ’ল ভিডিঅ’টো মই নাজানো৷ মই কাৰো লগত কালি কথা পতাৰ সুযোগ পোৱা নাছিল৷ কি কৰিম কি নকৰিম ভাৱিব পৰা নাছিলো৷ বহু কেইগৰাকী ব্যক্তিৰ লগতে ঘৰৰ মানুহৰ পৰামৰ্শ লৈ মই এটা সিদ্ধান্ত লৈছো৷ মই এজাহাৰ দিব আহিছো৷ মই অকলশৰীয়া বাবে কিছু ভয়ো খাইছো৷ কাৰণ মোৰ দেউতা নাই, মা আৰু ভণ্টী আছে ঘৰত৷ তেওঁ এজন অচি হয় সেয়ে অচিৰ বিৰুদ্ধে সিদ্ধান্ত ল’বলৈ কিছু ভয় খাইছো৷ পৰিয়ালৰ পৰামৰ্শ লৈহে মই শেষত এই সিদ্ধান্ত লৈছো৷ মোৰ সৈতে কি হৈছে সকলোৱে গম পাইছে৷ মোৰ মাও এতিয়া আৰক্ষী বিভাগটোত জড়িত হৈ আছে৷ মোৰ মায়ে ভালকৈ গম নাপায় মই ইয়াত কি কৰি আছিলো৷ ঘৰত জনাব খোজা নাছিলো মই যে ডেলিভাৰী বয় কৰো৷ মোৰ লগৰ দুই এজন মানুহেহে মই ডেলিভাৰী বয় বুলি গম পাইছিল৷ মই পুলিছৰ মাজত ডাঙৰ হৈছো যদিও এতিয়া পুলিছ ক’লেই মই ভিতৰি কঁপি গৈছো৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ