আহোমৰ দ্বিতীয় ৰাজধানী হাবুং নে চ’ৰগুৱা! ইয়াক লৈ বিতৰ্ক চলি থকাৰ মাজতে ঐতিহাসিক চৰাইদেউত পদ্মশ্ৰী, বুৰঞ্জীবিদ ড০ যোগেন্দ্ৰনাথ ফুকন উপস্থিত হৈ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। হাবুং আহোমৰ কোনো ৰাজধানী নহয়। আহোম ৰজাসকলে বিভিন্ন ঠাইত বাহৰ পাতিছিল সেইসমূহ আহোমৰ ৰাজধানী নহয় বুলি মন্তব্য কৰে।
ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মূল তালিকাত চৰাইদেউৰ মৈডাম ক্ষেত্ৰ স্থান পোৱাৰ উদ্দেশ্যে শুকুৰবাৰে চৰাইদেউৰ লাংকুৰী দেওশালত টাই ৰীতি-নীতিৰে পূজা-অৰ্চনা কৰা হয়। লাংকুৰী পূজাৰ পিছতে দল প্ৰাংগণত জাচিংফা পূজা সমাপণ কৰা হয়। উক্ত অনুষ্ঠানত চৰাইদেউ মৈডাম ক্ষেত্ৰত দশেৰা প্ৰস্তুত কৰা প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ বিশেষজ্ঞ ড০ কে চি নৰিয়ালৰ সুস্বাস্থ্য কামনা কৰা হয়। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ সঞ্চালিকাৰ লগতে বহুকেইগৰাকী ব্যক্তিয়ে। চৰাইদেউৰ মৈডাম ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰে আগবঢ়াইছে ২৫ কোটি টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















