অসম লাইভ২৪ঃ তেওঁৰ গীতত ডুবিব নে জীৱনধাৰাত? অনুৰাগীয়ে আজিও বিচাৰ কৰিব নোৱাৰে। কেৱল ভাৰততেই নহয় সমগ্ৰ বিশ্বৰ সংগীতপ্ৰেমী তেওঁৰ গীতত মুগ্ধ। আজি সেই সাধাৰণ যেন লগা অসাধাৰণ ব্যক্তিজনৰ ওপজা দিন। ওপজা দিনতেই জানি থওক সাধাৰণ যেন লগা অৰিজিতৰ মুঠ সম্পত্তিৰ পৰিমাণ কিমান?
অতিকৈ সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা অৰিজিত সিঙৰ সা-সম্পত্তিৰ কথা জানিলে আপুনিও আচৰিত হব। ১ঘন্টাৰ সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ অৰিজিত সিঙে লয় প্ৰায় ডেৰ কোটি টকাৰ মাননি।বলিউড ছবিসমূহত বৰ্তমান অৰিজিত সিঙৰ যদি এটা গান নাথাকে, তেন্তে প্ৰায় আধৰুৱা বুলিয়ে ক’ব পাৰি। এটা গানত কন্ঠ নিগৰাবলৈ অৰিজিত সিঙে লয় ৮-১০ লাখ টকাৰ মাননি। ৩৬বছৰীয়া অৰিজিত সিঙৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৭মিলিয়ন ডলাৰ । ভাৰতীয় হিচাপত প্ৰায় ৫৫ কোটি টকাৰ সম্পত্তিৰ মালিক অৰিজিত সিং। কিন্তু এই সকলোবোৰ থাকিলেও, অতি সাধাৰণভাৱে জীৱন কটাই ভাল পায় কন্ঠশিল্পীগৰাকীয়ে।
প্ৰায়ে খোজ কঢ়া বা স্কুটীত দেখা পোৱা অৰিজিত সিঙৰ আছে বহুকেইখন বিলাসী বাহন। হামাৰ, ৰেঞ্জ ৰভাৰ, মাৰ্চিডিজৰ দৰে বাহন আছে অৰিজিত সিঙৰ গেৰেজত। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বছৰত প্ৰায় ২০ৰ পৰা ২৫কোটি টকা উপাৰ্জন কৰে অৰিজিত সিঙে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ