• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এয়া এপেই নহয় আমাৰ জীৱনশৈলীৰ অংশ, ফেছবুকৰ সৃষ্টিকৰ্তাৰ এই সৃষ্টি সহজ আছিলনে? জানক জুকাৰবাৰ্গৰ ফেছবুক সৃষ্টিৰ আঁৰৰ কাহিনী

এয়া এপেই নহয় আমাৰ জীৱনশৈলীৰ অংশ, ফেছবুকৰ সৃষ্টিকৰ্তাৰ এই সৃষ্টি সহজ আছিলনে? জানক জুকাৰবাৰ্গৰ ফেছবুক সৃষ্টিৰ আঁৰৰ কাহিনী

2 years ago
সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

25 minutes ago
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

58 minutes ago
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

2 hours ago
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

2 hours ago
সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

3 hours ago
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

5 hours ago
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

6 hours ago
ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

6 hours ago
ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

7 hours ago
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

8 hours ago
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

21 hours ago
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এয়া এপেই নহয় আমাৰ জীৱনশৈলীৰ অংশ, ফেছবুকৰ সৃষ্টিকৰ্তাৰ এই সৃষ্টি সহজ আছিলনে? জানক জুকাৰবাৰ্গৰ ফেছবুক সৃষ্টিৰ আঁৰৰ কাহিনী

এয়া এপেই নহয় আমাৰ জীৱনশৈলীৰ অংশ, ফেছবুকৰ সৃষ্টিকৰ্তাৰ এই সৃষ্টি সহজ আছিলনে? জানক জুকাৰবাৰ্গৰ ফেছবুক সৃষ্টিৰ আঁৰৰ কাহিনী

editor by editor
May 14, 2024
in জীৱনশৈলী, প্ৰযুক্তি, বিশ্ব, লেখা
0
এয়া এপেই নহয় আমাৰ জীৱনশৈলীৰ অংশ, ফেছবুকৰ সৃষ্টিকৰ্তাৰ এই সৃষ্টি সহজ আছিলনে? জানক জুকাৰবাৰ্গৰ ফেছবুক সৃষ্টিৰ আঁৰৰ কাহিনী
0
SHARES
180
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৪০ বছৰীয়া হ’ল মাৰ্ক জুকাৰবাৰ্গ৷ ৪০ বছৰ বয়সতে তেওঁ বিশ্বৰ ৪ৰ্থ ধনী ব্যক্তি৷ জুকাৰবাৰ্গে ২০ বছৰ বয়সতে প্রথম ফেছবুক আৰম্ভ কৰিছিল৷ কিন্তু ফেছবুকেই তেওঁ সৃষ্টি কৰা প্রথম ছচিয়েল নেটৱৰ্কিং চাইট নহয়৷ ইয়াৰ পূৰ্বে মাৰ্ক জুকাৰবাৰ্গে তেওঁৰ পিতৃৰ ক্লিনিকৰ বাবে এটা মেছেজিং প্ৰগ্ৰাম আৰম্ভ কৰিছিল৷ এই মেছেজিং প্ৰগ্ৰাম সৃষ্টি কৰাৰ সময়ত মাৰ্ক জুকাৰবাৰ্গৰ বয়স আছিল ১২ বছৰ৷ তাৰপাছতেই তেওঁ ১৬ বছৰ বয়সত এটা মিউজিক এপৰ সৃষ্টি কৰে৷ তেওঁ সৃষ্টি কৰা এই এপ ক্ৰয় কৰিবলৈ বহু ব্যৱসায়ী আগুৱাই আহিছিল যদিও জুকাৰবাৰ্গে এই এপ বিক্ৰি নকৰিলে৷ তাৰপিছতেই মাৰ্ক জুকাৰবাৰ্গৰ শ্ৰেষ্টতম সৃষ্টি ফেছবুক৷

জুকাৰবাৰ্গে পিতৃৰ ক্লিনিকৰ বাবে সৃষ্টি কৰা মেছেজিং এপৰ কাম কি?

এই এপৰ প্ৰধান কাম আছিল বাৰ্তা প্ৰেৰণ৷ অৰ্থাৎ ৰিচিপচনিষ্টে এই মেছেজিং প্ৰগ্ৰাম ব্যৱহাৰ কৰি বাৰ্তা পঠিয়াই৷ তেওঁ এই এপৰ নাম দিছিল জেকনেট৷ তেওঁৰ দন্ত চিকিৎসক পিতৃয়ে এই মেছেজিং এপ নিজৰ ক্লিনিকত ব্যৱহাৰ কৰিছিল৷ যেতিয়াই তেওঁৰ ক্লিনিকলৈ ৰোগী আহে, তেতিয়াই ৰিচিপচনিষ্টজনে শব্দ ব্যৱহাৰ কৰাৰ সলনি প্ৰগ্ৰামৰ জৰিয়তে চিকিৎসকক ৰোগী অহাৰ বাৰ্তা দিছিল৷ এই এপ জুকাৰবাৰ্গে নিজৰ ঘৰৰ লগতো কানেক্ট কৰি লৈছিল৷ এই প্ৰগ্ৰাম সৃষ্টি কৰাৰ সময়ত জুকাৰবাৰ্গৰ বয়স আছিল ১২ বছৰ৷ তাৰপিছতেই তেওঁ বন্ধুবৰ্গৰ সৈতে ভিডিঅ’ গেমো তৈয়াৰ কৰিছিল৷ এক সাক্ষাৎকাৰত জুকাৰবাৰ্গে কৈছিল মোৰ বন্ধুৃসকল একোএকোজন কলাকাৰ৷ তেওঁলোকে ডিজাইনটো দি দিছিল আৰু মই ভিডিঅ’ গেম তৈয়াৰ কৰিছিলো৷ আমাৰ ধেমালীতেই সৃষ্টি আছিল৷

বিদ্যালয়ত পঢ়ি থাকোতেই চাকৰিৰ প্ৰস্তাৱ

জুকাৰবাৰ্গে ২০০০ চনত নিউ হেম্পাছায়াৰ ফিলিপছ এক্সটাৰ একাডেমিত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰি থকাৰ সময়তে তেওঁ বন্ধুৰ সৈতে মিলি এটা মিউজিক এপ তৈয়াৰ কৰিছিল৷ চিনেপছ মিডিয়া প্লেয়াৰ আছিল তেওঁৰ বিশেষ সৃষ্টি৷ ইয়াত এম পি-৩ প্লে লিষ্ট সৃষ্টি কৰিছিল৷ এই এপ সকলোৰে দৃষ্টিগোচৰ হোৱা আৰম্ভ হওঁতেই তেওঁৰ পৰা এই এপ ক্ৰয় কৰিবলৈ আগবাঢ়ি আহিছিল মাইক্ৰছফ্ট আৰু এওএলৰ দৰে কোম্পানী৷ মাইক্ৰছফ্টে এই এপৰ বাবদ জুকাৰবাৰ্গক ১ নিযুত ডলাৰো আগবঢ়াইছিল৷ আনকি তেওঁক তেওঁলোকৰ কোম্পানীত নিযুক্তিও দিব খুজিছিল৷ কিন্তু জুকাৰবাৰ্গে সকলো প্ৰস্তাৱেই প্ৰত্যাখান কৰে৷ তাৰপিছতেই তেওঁ শৈক্ষিক ক্ষেত্ৰত নিজকে আগুৱাই নিব খুজি হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত পঢ়িবলৈ মন মেলে৷

ফেচবুকৰ পূৰ্বে তেওঁ সৃষ্টি কৰিছিল ‘ফেচমাছ’ আৰু ‘কোৰ্চমেচ’

জুকাৰবাৰ্গে হাৰ্ভাৰ্ডত অধ্যয়ন কৰি থাকোতে ফেছবুকৰ পূৰ্বে  প্ৰ’গ্ৰাম ‘ফেচমাছ’ সৃষ্টি কৰিছিল, এই এপে সেই কেম্পাছৰ আটাইতকৈ ধুনীয়া ল’ৰা আৰু ছোৱালী কোন সেইটো বিচাৰি উলিওৱাত সহায় কৰিছিল৷ এই এপ ব্যৱহাৰকাৰীসকলে নিজা নিজা ফটো এই এপত আপলোড কৰিছিল৷ তাৰপৰাই আটাইতকৈ ধুনীয়া লৰা ছোৱালী বাচনি কৰিব পৰা গৈছিল৷ অৱশ্যে পাছলৈ বিশ্ববিদ্যালয় প্ৰশাসনে এই এপ বন্ধ কৰি দিয়ে৷ এই কামৰ বাবে জুকাৰবাৰ্গক বিশ্ববিদ্যালয়ৰ পৰা উলিয়াই দিয়া হয়৷ মহাবিদ্যালয়ৰ দিনবোৰত তেওঁ এটা কোৰ্চমেছ এপো সৃষ্টি কৰিছিল৷ এই এপ ব্যৱহাৰকাৰীসকলে নিজে কৰা ক্লাছসমূহত কি শিকিলে সকলোবোৰ ভাগ বটোৱাৰা কৰিছিল৷ ইয়াৰ দ্বাৰা লাভাম্বিত হৈছিল অন্যান্য শিক্ষাৰ্থীসকল৷

২০বছৰ বয়সত ফেচবুক আৰম্ভ কৰিছিল জুকাৰবাৰ্গে

১৯৮৪ চনৰ ১৪ মে তাৰিখে জন্মগ্ৰহণ কৰা এইগৰাকী যুৱকে ২০ বছৰ বয়সতে কৰি দেখুৱাইছিল কোনেও কৰিব নোৱাৰা এটা বিশেষ কাম৷ জুকাৰবাৰ্গে হঠাৎ বিশ্বক চমক দিব পৰা এটা এপ ফেছবুক সৃষ্টি কৰে৷ ফেছবুক আজি আমাৰ এৰাব নোৱাৰা অংগ৷ জুকাৰবাৰ্গে তেওঁৰ তিনি বন্ধু ডাষ্টিন মস্কোভিটজ, ক্ৰিছ হিউজেছ আৰু এডুয়াৰ্ড চেভেৰনিৰ সৈতে মিলি আৰম্ভ কৰে ফেছবুক৷ সেই সময়ত ফেছবুকৰ নাম আছিল দ্যা ফেছবুক৷ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে ২০০৪ চনৰ ৪ ফেব্ৰুৱাৰীত এই এপ মুকলি কৰি দিয়া হয়৷ খুব কম সময়ৰ ভিতৰত এই এপ আমেৰিকাৰ বহু মহাবিদ্যালয়ত ভাইৰেল হৈ পৰে৷ জুকাৰবাৰ্গে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ছাচপেন হোৱাৰ পাছতেই ফেছবুক আপগ্ৰেডৰ কামত ব্যস্ত হৈ পৰিছিল৷ এই কামৰ বাবে তেওঁ কেলিফৰ্ণিয়াৰ পাল এল্টত এটা ঘৰ ভাড়ালৈ লৈছিল৷ এই  এপ আপগ্ৰেডৰ বাবে  PayPalৰ সহ-প্ৰতিষ্ঠাপক পিটাৰ থিলে জুকাৰবাৰ্গক ৩৫৫ কোটি টকা বিনিয়োগ কৰে৷ ডিচেম্বৰ ২০০৪ৰ ভিতৰত ফেছবুকৰ সক্ৰিয় ব্যৱহাৰকাৰীৰ সংখ্যাই ১ নিযুত অতিক্ৰম কৰে৷

Yahooৰ পৰা অহা প্ৰস্তাৱ প্ৰত্যাখান

২০০৬ চনৰ জুলাই মাহত Yahooয়ে ফেছবুক ক্ৰয় কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল৷ Yahooয়ে ফেছবুকৰ মালিকক এই এপৰ বাবে প্ৰদান কৰিছিল ৭১০০ কোটি টকা৷ কিন্তু জুকাৰবাৰ্গে এই প্ৰস্তাৱ প্ৰত্যাখান কৰে৷ অক্টোবৰ ২০০৭ত মাইক্ৰছফ্টে ফেছবুকত ১৭০৪ কোটি টকাৰে ১.৬শতাংশ শ্বেয়াৰ ক্ৰয় কৰে৷ তাৰপিছতেই কোম্পানীটোৰ বজাৰমূল্য ১০. ৬৫লাখলৈ বৃদ্ধি পায়৷ ফেছবুকে ২০১২ চনৰ এপ্ৰিল মাহত ১০০ নিযুত ডলাৰ অৰ্থাৎ ৭,১০০ কোটি টকাৰে ইনষ্টাগ্ৰাম ক্ৰয় কৰে৷ তাৰপিছতেই ২০১৪ চনত ভিআৰ হাৰ্ডৱেৰ আৰু প্ৰযুক্তিৰ ওপৰত কাম কৰা একুলাছ নামৰ কোম্পানীটোও ২০০ নিযুত ডলাৰত অৰ্থাৎ ১৪০০০ কোটি টকাৰে ক্ৰয় কৰে৷ একে বছৰৰে অক্টোবৰত কোম্পানীটোৱে ১,৯০০ নিযুত ডলাৰত ৱাটছএপ ক্ৰয় কৰে৷ বহুল প্ৰচলিত প্ৰায়সমূহ ছচিয়েল মিডিয়া হেণ্ডেল এতিয়া জুকাৰবাৰ্গৰ হাতত সেয়ে জুকাৰবাৰ্গক ছচিয়েল মিডিয়াৰ কিং বুলি কোৱা হয়৷

প্ৰায় একে ষ্টাইলৰ কাপোৰ কিয় পৰিধান কৰে মাৰ্কে?

জুকাৰবাৰ্গক প্ৰায়ে একে ধৰণৰ কাপোৰত দেখা যায়। জুকাৰবাৰ্গ কাৰ্যালয়ত থাকক বা বিল গেটছৰ দৰে বিলিয়নেয়াৰৰ সৈতে বৈঠকত হওঁক, তেওঁক প্ৰায়ে ধূসৰ বা গাঢ় ধূসৰ ৰঙৰ টি-চাৰ্ট পিন্ধা দেখা যায়। জুকাৰবাৰ্গে একেটা টি চাৰ্টেই পিন্ধে নেকি বুলি বহুতে প্ৰশ্নও কৰে৷ সেই প্ৰশ্নৰ উত্তৰ এবাৰ জুকাৰবাৰ্গে নিজেই দিছিল৷ তেওঁ কৈছিল, ‘এই সৰু সৰু বস্তুবোৰ চাই থাকিবলৈ মোৰ সময় নাই৷ আপুনি যদি ৰাতিপুৱা উঠি কি পিন্ধিম এই কথা ভাৱি থাকে তেন্তে আপোনাৰ সময়ৰ অপচয় হোৱাতকৈ বেলেগ লাভ একো নহয়৷’ মাৰ্ক জুকাৰবাৰ্গে তেওঁৰ জীৱনত এবছৰৰ বাবেই টাই পৰিধান কৰিছিল৷ কিয় তেওঁ টাই পৰিধান কৰিছিল সেই কথাও নিজেই প্ৰকাশ কৰিছিল৷  মাৰ্কে কৈছিল, ‘মই কাৰ্যালয়লৈ আহোতে ২০০৯ চনত টাই পৰিধান কৰিছিলো৷  কিয়নো মই মোৰ কোম্পানীৰ কৰ্মচাৰীসকলক বুজাব খুজিছিলো যে ২০০৮ ৰ মন্দাৱস্তাৰ পাছত এই সময় আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ ভালকৈ কাম কৰিব লাগিব৷ আমি আকৌ উঠিব লাগিব৷’

প্ৰিচিলাৰ সৈতে বিবাহ

১৯ মে ২০১২ চনত জুকাৰবাৰ্গে প্ৰিচিলা ছেনৰ সৈতে বিবাহপাশত আৱদ্ধ হয়৷ জুকাৰবাৰ্গে প্ৰিচিলাক প্ৰথম লগ পাইছিল হাৰ্ভাৰ্ডত পঢ়ি থকাকালত৷ এটা পাৰ্টীত দুয়ো প্ৰথম লগ হৈছিল৷ মাৰ্কক লগ পোৱাৰ কাহিনী প্ৰিচিলাই নিজেই এখন সভাত এনেদৰে কৈছিল, ‘মাৰ্কৰ হাতত আছিল বিয়েৰৰ গ্লাছ৷ য’ত লিখা আছিল ‘Pound Include Beer.H’।\”,এয়া C++ প্ৰগ্ৰামিঙৰ এটা কোড৷ অৰ্থাৎ কম্পিউটাৰ প্ৰগ্ৰামিং৷ নিজৰ বিবাহৰ পাৰ্টীও গ্ৰেজুৱেছন পাৰ্টী বুলি দিছিল জুকাৰবাৰ্গে৷ বিবাহৰ অতিথিসকলক স্নাতক হোৱাৰ পাৰ্টী বুলি আমন্ত্ৰণ জনোৱা হৈছিল৷ অতিথিসকলে বিবাহস্থলীত উপস্থিত হৈ গম পালে যে এই পাৰ্টী বিবাহৰ পাৰ্টী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?
জীৱনশৈলী

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

June 25, 2026
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে
বিশ্ব

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

June 25, 2026
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?
বিবিধ

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

June 25, 2026
সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান
প্ৰযুক্তি

সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

June 25, 2026
Next Post
‘গাহৰি মাংস খাব খুজি আছে, অলপ অৰ্ডাৰ কৰিছো’, অসমলৈ আহি গাহৰিৰ সোৱাদ লৈছে ৰাজস্থান ৰয়েলছৰ খেলুৱৈয়ে

‘গাহৰি মাংস খাব খুজি আছে, অলপ অৰ্ডাৰ কৰিছো’, অসমলৈ আহি গাহৰিৰ সোৱাদ লৈছে ৰাজস্থান ৰয়েলছৰ খেলুৱৈয়ে

এই ৫ টা লক্ষণে দেখা দিছে যদি আপোনাৰো ডায়বেটিছ বাঢ়িছে, শীঘ্ৰেই কৰাওক পৰীক্ষা

এই ৫ টা লক্ষণে দেখা দিছে যদি আপোনাৰো ডায়বেটিছ বাঢ়িছে, শীঘ্ৰেই কৰাওক পৰীক্ষা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.