১৯ জুন ৰাহুল গান্ধীৰ ওপজাদিন৷ ৫৪ বছৰীয়া হ’ল ৰাহুল। তেওঁৰ জন্মদিন উদযাপনৰ বাবে কংগ্ৰেছী নেতাকৰ্মীসকলে বিশেষ প্ৰস্তুতিও চলাইছে। এইবাৰ তেওঁৰ জন্মদিনটো বৰ বিশেষ। ইউ পিত কংগ্ৰেছৰ প্ৰত্যাৱৰ্তন, ৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰত মিত্ৰজোঁট শক্তিশালী কৰাকে ধৰি এনে বহু সফলতাই ৰাহুলক সুখীও কৰিছে৷ ওপজা দিনতেই জানি থওক ৰাহুলৰ ১০ টা বিশেষ কথা৷
- ১৯৭০ চনৰ ১৯ জুনত দিল্লীৰ হলি ফেমিলি হস্পিতালত জন্মগ্ৰহণ কৰিছিল ৰাহুল গান্ধীয়ে। ৰাহুলৰ জন্মৰ সময়ত পিতৃ ৰাজীৱ গান্ধীও উপস্থিত আছিল৷ ২০১৯ চনত কেৰেলাৰ অৱসৰপ্ৰাপ্ত নাৰ্ছ ৰাজম্মা বাৱথিলে পিটিআইক দিয়া সাক্ষাৎকাৰত দাবী কৰিছিল যে ৰাহুল গান্ধীক জন্মৰ সময়ত তেঁৱে প্ৰথমে কোলাত লৈছিল। অৰ্থাৎ ৰাহুলৰ জন্ম ভাৰতত এইকথাত কোনো সন্দেহ নাই। তেওঁক বিদেশী বুলি কোৱাৰো কোনো যুক্তি নাই৷ জন্মগতভাৱে ৰাহুল ভাৰতীয় নাগৰিক৷
- প্ৰিয়ংকা গান্ধীতকৈ ৰাহুল দুবছৰে ডাঙৰ৷ প্ৰিয়ংকা গান্ধীৰ বয়স ৫২ বছৰ হোৱাৰ বিপৰীতে ৰাহুল গান্ধীয়ে ৫৪ বছৰ সম্পূৰ্ণ কৰিলে৷
- ৫৪ বছৰ বয়সতো ৰাহুল কিন্তু অবিবাহিত৷ এবাৰ সংসদতে লালু যাদৱেও ৰাহুলক বিবাহৰ কথা সুধিছিল৷ আনকি এখন ৰাজহুৱা সভাতো তেওঁ ৰাহুল গান্ধীক কৈছিল, বিয়া কৰাওক, আমি আপোনাৰ বিয়াত বৰযাত্ৰী হৈ যাব লাগিব৷ ৰাহুল গান্ধীয়ে হাঁহি হাঁহি এই উত্তৰ এৰাই চলিছিল। একে সময়তে কিছুদিন পূৰ্বে ছোনিয়া গান্ধীকো কেইগৰাকীমান মহিলাই ৰাহুল গান্ধীক বিয়া কৰাই দিয়ক বুলি কৈছিল৷ এই কথাত ছোনীয়া গান্ধীয়ে তেওঁলোককেই ছোৱাৰী এজনী চাই দিয়ক মই বিয়া কৰাই দিবলৈ ৰাজী আছো বুলি জনাইছিল৷
- ১৯৮৪ চনত ইন্দিৰা গান্ধীৰ হত্যাৰ পিছত ৰাহুল গান্ধীয়ে ঘৰতে থাকি পঢ়া-শুনা কৰিব লগা হৈছিল। সপ্তাহ নতুবা মাহেকত এবাৰহে বিদ্যালয়লৈ যাব পাৰিছিল ৰাহুল আৰু প্ৰিয়ংকা৷ ইয়াৰ পিছতেই ৰাহুলে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় আৰু দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজত অধ্যয়ন কৰে। ১৯৯১ চনত ৰাজীৱ গান্ধীৰ হত্যাৰ পিছত তেওঁ ফ্ল’ৰিডালৈ গৈ তাতেই অধ্যয়ন কৰে। ১৯৯৪ চনত কেম্ব্ৰিজৰ পৰা স্নাতক ডিগ্ৰী লৈ ভাৰতলৈ উভতি আহে ৰাহুল গান্ধী৷
- ২০০৩ চনৰ পৰা ৰাহুল গান্ধীৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছে৷ ২০১৭ চনত যেতিয়া ছোনিয়া গান্ধীয়ে কংগ্ৰেছৰ সভানেত্ৰী পদ এৰিছিল। তাৰ পাছত ৰাহুল গান্ধীয়ে কংগ্ৰেছ দলৰ সভাপতিৰ আসনত বহিছিল। কিন্তু সেই সময়ছোৱাত মোদী ঢৌৰ বাবে দলটোৱে বহু ৰাজ্যত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। যাৰবাবে ২০১৯ চনত তেওঁ নিজা সমষ্টি আমেঠিতো পৰাজয় বৰণ কৰে৷ ইয়াৰপাছতেই সেই বৰ্ষত তেওঁ দলৰ সভাপতি পদ ত্যাগ কৰে৷
- ২০২৩ চনত মোদী উপাধিৰ সকলো ব্যক্তিয়েই চোৰ নেকি বুলি প্ৰশ্ন কৰাৰ অপৰাধত দুবছৰৰ কাৰাদণ্ড বিহা হৈছিল৷ ৰাহুলে একেসময়তে হেৰুৱাইছিল সাংসদ পদৰ লগতে সাংসদ বাংলোও৷
- ২০২৩ চনত ৰাহুল গান্ধীয়ে দক্ষিণৰ পৰা আৰম্ভ কৰিছিল ভাৰত জোডো যাত্ৰা। ‘ঘৃণাৰ বজাৰত আমি প্ৰেমৰ দোকান খুলিম’৷ তেওঁৰ বক্তব্যই জনতাৰ হৃদয়ত আলোড়নো তুলিছে। তেওঁৰ ভাৰত ভ্ৰমণে ভাৰতৰ অধিকাংশ ৰাজ্যকে সামৰি লৈছে। বিগত দুটা দশকত ভাৰতীয় নেতাই গ্ৰহণ কৰা এয়াই সৰ্ববৃহৎ পদযাত্ৰা।
- ভাৰত ভ্ৰমণৰ সময়ত বগা টি-চাৰ্টৰ বাবে বহু বাতৰিৰ শিৰোনামো দখল কৰিছিল ৰাহুল গান্ধীয়ে৷ ঠেঁটুৱৈ লগা ঠাণ্ডাতো তেওঁ বগা টি-চাৰ্ট পিন্ধি খোজ কাঢ়ি থকা দেখি আচৰিতো হৈছিল বহুজন।
- ৰাহুলৰ নিচাৰ ভিতৰত আছে জীম, জগিং ইয়াৰোপৰি ৰাহুলে শ্বুটিঙো শিকিছে৷ বিমান উৰাবলৈকো আগ্ৰহী ৰাহুল৷
- ২০২৪ ৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ উত্থানৰ বাবে দলৰ প্ৰায়সংখ্যক নেতাই ৰাহুলকেই ক্ৰেডিট দিছে৷ এই কংগ্ৰেছ ৰাহুলে ন’কৈ গঢ় দিয়া কংগ্ৰেছ বুলি বহুসংখ্যক কংগ্ৰেছী নেতাই মন্তব্য কৰা পৰিলক্ষিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ