অসম লাইভ২৪ঃ আজি বলীউড ভাইজান ছলমান খানৰ ওপজা দিন। ১৯৬৫ চনৰ আজিৰ দিনটোতেই জন্মগ্ৰহণ কৰিছিল ছলমানে। ৫৮ বছৰীয়া হ’ল বলীউড ভাইজান। ভাইজানৰ ওপজা দিনত বিভিন্নজনে সামাজিক মাধ্যমযোগে শুভেচ্ছা জনাইছে। ওপজাদিনতেই বহুতে জানিব বিচাৰিছে ভাইজান বৰ্তমান কিমান নেটৱৰ্ক আছে?
বলীউডৰ সকলোতকৈ বেছি পাৰিশ্ৰমিক লোৱা অভিনেতাসকলৰ মাজত ভাইজানো এজন। ‘ভাইজান’ৰ মুম্বাইত থকা বিলাসী এপাৰ্টমেণ্টটোৰ নাম গেলাক্সি এপাৰ্টমেণ্ট। ভাইজানে বাস কৰা এই বিলাসী এপাৰ্টমেণ্টটোৰ দাম কিমান হ’ব পাৰে? আপুনি মই কল্পনা কৰিব নোৱাৰা দাম এই এপাৰ্টমেণ্টটোৰ। একাধিক ৰিপৰ্ট অনুসৰি এই গেলাক্সি এপাৰ্টমেণ্টৰ দাম প্ৰায় ১০০ কোটি টকা। ইয়াৰোপৰি ভাইজানৰ আছে এটা ফাৰ্ম হাউছ। ১৫০ একৰ ভুমিত নিৰ্মাণ কৰা হৈছে ফাৰ্ম হাউছটো। প্ৰায় সেই ফাৰ্ম হাউছতে বেছি সময় অতিবাহিত কৰে ছলমানে। অভিনয়ৰ সমান্তৰালকৈ ভাইজানে ফাৰ্ম হাউছত কাম কৰি থকাৰ ভিডিঅ’ও মাজে মাজে ভাইৰেল হয় সামাজিক মাধ্যমত। পিছে ছলমানে বৰ্তমান এখন ছবিত পাৰিশ্ৰমিক হিচাপে কিমান পৰিমানত চুক্তিবদ্ধ হয়?
সাধাৰণতে ভাইজানে বৰ্তমান এখন ছবিত চুক্তিবদ্ধ হোৱাৰ পূৰ্বে পাৰিশ্ৰমিক হিচাপে লয় ৭৫ ৰ পৰা ৮০ কোটি টকা। ইয়াৰোপৰি ৰিয়েলিটি শ্ব’ বিগ-বছৰো এংকৰ হিচাপে আছে আছে ভাইজান। বলীউডৰ এক ৰিপৰ্টত প্ৰকাশ পোৱা অনুযায়ী শেহতীয়া ছিজনৰ বাবে ছলমানে কালাৰ্ছ চেনেলৰ পৰা লৈছে ১০০০ কোটি টকা। ঘৰ-গাড়ী-সম্পত্তি সকলো সামৰি ছলমানৰ বৰ্তমান সম্পত্তিৰ পৰিমান ২৯০০ কোটি টকা। আনহাতে এদিনত বিভিন্ন উৎসৰ পৰা ভাইজানে কিমান টকা অৰ্জন কৰে?
ছলমানৰ গেৰেজো যথেষ্ট ব্যয়বহুল। বহুকেইখন বিলাসী গাড়ী আছে ছলমানৰ। গাড়ীৰ কালেকছনৰ তালিকাত আছে ২.২৬ কোটি টকীয়া ৰেঞ্জ ৰভাৰ, ১.৮০ কোটি টকাৰ টয়টা লেণ্ড ক্ৰুজাৰ? ভাইজানৰ আছে নিজা এক প্ৰডাকশ্ব্যন হাউছো। প্ৰডাকশ্ব্যন হাউছৰ পৰাও বহু ধন উপাৰ্জন কৰে ছলমানে। ইয়াৰোপৰি না না ব্ৰেণ্ডৰ প্ৰমোশ্ব্যনতো চুক্তিবদ্ধ ভাইজান। ভাইজানে এদিনতে কিমান টকা আয় কৰে সঠিককৈ কোৱা টান যদিও ভাইজানে এদিনত কমেও ১.০১ কোটি টকা উপাৰ্জন কৰে বুলি বহু সমীক্ষাই প্ৰকাশ কৰিছে। আনহাতে সম্পত্তি কেৱল ভাৰততে আছে এনে নহয়। ডুবাইতো আছে ছলমানৰ নিজা ঘৰ। ডুবাইৰ ব্ৰুজ খালিফাৰ কাষত অৱস্থিত এড্ৰেছ ডাউনটাউনত আছে বিলাসী এপাৰ্টমেণ্ট।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ