নাতাশাৰ ছচিয়েল মিডিয়া পোষ্টে লগাইছে তোলপাৰ, হাৰ্দিকে বিশ্বাসঘাট কৰিছিল নেকি!
শেহতীয়াকৈ হাৰ্দিক পাণ্ডিয়া আৰু তেওঁৰ প্ৰাক্তন পত্নী নাতাশা ষ্টেনকভিচে বিবাহিত সম্পৰ্ক শেষ কৰাৰ সিদ্ধান্ত সামাজিক মাধ্য যোগে অনুৰাগীসকলক অৱগত কৰে। অৱশ্যে যোৱা কেইমাহমানৰ পৰা তেওঁলোকৰ বিচ্ছেদৰ খবৰ ইতিমধ্যে পূৰ্ণ গতিত ভাইৰেল হৈ আছিল।
কিন্তু বিবাহ বিচ্ছেদৰ কাৰণ এতিয়াও পোহৰলৈ অহা নাই কাৰণ এই বিষয়ত দম্পতীহালে এই বিষয়ে কোনো ধৰণৰ কথা কোৱা নাই। ইফালে ৰেডিটত এটা পোষ্ট ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, যিটো পোষ্ট নাতাশা ষ্টেনকভিচে লাইক কৰিছে। বিশেষ কথাটো হ’ল পোষ্টটো প্ৰতাৰণাৰ ওপৰত নিৰ্মিত।
আচলতে নাতাশাই বিশ্বাসঘাট তথা প্ৰতাৰণা আৰু আৱেগিক নিৰ্যাতনৰ সৈতে জড়িত এটা পোষ্ট লাইক কৰিছিল। লগতে বেয়া সম্পৰ্কৰ বিষয়ে কিছুমান পোষ্টো লাইক কৰিছিল। ইয়াৰ বাবেই ছ’চিয়েল মিডিয়াত তেওঁলোকৰ বিচ্ছেদৰ সম্ভাৱ্য কাৰণ সন্দৰ্ভত জল্পনা-কল্পনা আৰম্ভ হৈছে।
এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ৰেডিটত কেইবাটাও স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছিল, য’ত নাতাশাই লাইক কৰা পোষ্ট দেখুৱাইছিল। পোষ্টটোৰ কেপচনত লিখা আছিল, ‘নাতাশা ষ্টেনকভিচে প্ৰতাৰণা আৰু আৱেগিক নিৰ্যাতনৰ বিষয়ে ভাল পায়।’ ইয়াৰ পিছত ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে দম্পতীহালৰ সম্পৰ্কক লৈ মন্তব্য আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ