শ্বুটিং বিশ্বকাপত নেখেলে মনু ভাকেৰে, কিয় ! প্ৰশিক্ষকে ক’লে সবিশেষ
২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতে মুঠ ৬টা পদক লাভ কৰিছে , ইয়াৰে কেৱল তাৰকা শ্বুটাৰ মনু ভাকৰে ২টা পদক লাভ কৰিছে। মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল শাখাত ব্ৰঞ্জৰ পদক লাভ কৰি অলিম্পিকত ভাৰতৰ একাউণ্ট মুকলি কৰে মনু ভাকৰে।
তাৰ পিছত মনু ভাকৰে সাৰবজোৎ সিঙৰ সৈতে যুটিয়াভাৱে ১০ মিটাৰ এয়াৰ পিষ্টল শাখাৰ মিক্সড ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে। অলিম্পিকৰ একেটা বিভাগত দুটাকৈ পদক লাভ কৰা স্বাধীন ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ মনু ভাকেৰ, কিন্তু এতিয়া খবৰ আহিছে যে মনু ভাকেৰক বিশ্বকাপত দেখা নাযায়।
পেৰিছ অলিম্পিক-২০২৪ত ২টা ব্ৰঞ্জৰ পদক লাভ কৰা মনু ভাকেৰে ৩ মাহৰ বিৰতি ল’বলৈ ওলাইছে। এনে পৰিস্থিতিত দিল্লীত অনুষ্ঠিত হ’বলগীয়া শ্বুটিং বিশ্বকাপৰ পৰাও বাহিৰত থাকিব পাৰে। সংবাদ মাধ্যমৰ সৈতে কথা পাতি মনু ভাকেৰৰ প্ৰশিক্ষক জছপাল ৰাণাই অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ অংশ নহ’ব বুলি অৱগত কৰিছে।
১৩ৰ পৰা ১৮ অক্টোবৰলৈ নতুন দিল্লীত অনুষ্ঠিত হ’ব শ্বুটিং বিশ্বকাপ। এই বিশ্বকাপত সমগ্ৰ বিশ্বৰ প্ৰবীণ শ্বুটাৰক খেলা দেখা যাব। মনু ভাকেৰৰ প্ৰশিক্ষক জছপাল ৰাণাই কয় যে বৰ্তমান মনু ভাকেৰৰ গুৰুত্ব ২০২৬ চনৰ এছিয়ান গেমছ আৰু কমনৱেলথ গেমছৰ ওপৰত।
২০২৪ চনৰ পেৰিছ অলিম্পিকত ২টা পদক লাভ কৰিছে মনু ভাকেৰে। তৃতীয়টো পদকো লাভ কৰিব পাৰিলেহেঁতেন পাছে মহিলাৰ ২৫ মিটাৰ এয়াৰ পিষ্টলত মাত্ৰ এটা শ্বট হেৰুৱাই চতুৰ্থ স্থানতে সন্তুষ্ট থাকে। মনু ভাকেৰৰ এই প্ৰদৰ্শনৰ বাবে পেৰিছ অলিম্পিক-২০২৪ৰ সামৰণি অনুষ্ঠানত তেওঁক ভাৰতৰ পতাকাবাহী হিচাপে নিযুক্তি দিয়া হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ