ভাৰত-পাকিস্তানৰ মেচ৷ এই হাইভল্টেজ মেচত লুকুৱাই আনিছিল প্ৰেয়সীক৷ হাৰ্দিক পাণ্ডিয়াৰ নতুন সম্পৰ্কৰ কথা এই হাইভল্টেজ মেচৰ পাছতেই ভাইৰেল হৈছে৷ টিম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া৷ হাৰ্দিক পাণ্ডিয়াৰ ডিভোৰ্চ হোৱাৰ এবছৰো হোৱা নাই৷ ডিভোৰ্ছৰ কেইমাহ মান পাছতেই আকৌ প্ৰেমত পৰিছে হাৰ্দিক পাণ্ডিয়া৷ ভাৰত পাকিস্তানৰ মেগা মেচত দেখা গৈছে হাৰ্দিকৰ চৰ্চিত বান্ধৱী জেছমিন ৱালিয়াক৷ হাৰ্দিকৰ সৈতে বিগত কেইমাহমান একেলগে দেখা গৈছে দুয়োকে৷ ফলত জল্পনা বাঢ়িছে সকলোৰে৷
জেছমিনক গেলাৰীত দেখাৰ পাছতেই সমৰ্থকসকলৰ মাজত উৎসাহ বাঢ়িছে৷ তাৰ পাছতেই সমৰ্থকসকলৰ মাজত হৈ চৈ বাঢ়িছে৷ প্ৰশ্ন উঠিছে হাৰ্দিকৰ প্ৰেমৰ গল্প আকৌ আৰম্ভ হৈছে৷ ইয়াৰ পূৰ্বে হাৰ্দিক পাণ্ডিয়াই দীৰ্ঘদিন ডেট কৰাৰ পাছত ৩১ মে ২০২০ত নাতাশা ষ্টানকোভিচক বিয়া কৰায়৷ কিন্তু তিনি বছৰৰ পাছত দুয়োৰো সম্পৰ্কত তিক্ততা আহে৷ নাতাশাই ২০২৪ চনৰ টি২০ বিশ্বকাপৰ আগত হাৰ্দিকৰ পৰা নিজকে ইমানেই আঁতৰাই ৰাখিছিল যে বিজয়ৰ অভিনন্দনো জনোৱা নাছিল হাৰ্দিকক৷ বিশ্বকাপৰ পাছত দুজনেই ৰাজহুৱা কৰে বিবাহ বিচ্ছেদৰ কথা৷
বিচ্ছেদৰ পাছতেই জেছমিন ৱালিয়াৰৰ সৈতে হাৰ্দিক পাণ্ডিয়াৰ নাম সাঙোৰ খাইছে৷ ৰেডডিট ব্যৱহাৰকাৰীয়ে অনুমান কৰিছিল, হাৰ্দিক পাণ্ডিয়া আৰু জেছমিন ৱালিয়াৰৰ মাজত কিছু সম্পৰ্কৰ ৰসায়ন আৰম্ভ হৈছে৷ দুয়ো একেলগে ছুটি কটোৱাৰ কথাও বহুতে ভাইৰেল কৰিছিল৷ জেছমিন ৱালিয়া ব্ৰিটিছ গায়িকা৷ তেওঁ ইংৰাজী, পাঞ্জাৱী আৰু হিন্দিত গান গায়৷ হাৰ্দিক আৰু জেছমিনে এজনে আনজনক ইনষ্টাগ্ৰামত ফ’লও কৰিছে৷ ভাৰত পাকিস্তানৰ মেচ চাবলৈ ডুবাইলৈকো গৈছিল
জেছমিন৷ তাত তেওঁ ভাৰতীয় দলক সমৰ্থন জনোৱা দেখা গৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ