গাজিয়াবাদৰ হৰিশ ৰানাৰ শেষকৃত্য বুধবাৰে গ্ৰীণ পাৰ্ক শ্মশানত সম্পন্ন হৈছে৷ হৰিশৰ শেষযাত্ৰাত উপস্থিত থাকে তেওঁৰ পৰিয়ালৰ সদস্য, প্ৰতিবেশী, আত্মীয়স্বজন আৰু বন্ধুও উপস্থিত আছিল৷ তেওঁৰ ভায়েক আৰু ভনীয়েকে চিতাত জুই দিয়ে৷ কংগ্ৰেছ পাৰ্টীৰ ৰাজ্যিক সভাপতি অজয় ৰায়ো হৰিশৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত আছিল৷
হৰিশ ৰানাক দাহ কৰাৰ পূৰ্বে গায়ত্ৰী মন্ত্ৰ পাঠ কৰা হয় আৰু ১০ মিনিট মৌন প্ৰাৰ্থনাও কৰা হয়৷ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত গায়ত্ৰী মন্ত্ৰৰে তেওঁৰ আত্মাৰ শান্তিৰ প্ৰাৰ্থনা কৰা হয়৷ দীৰ্ঘ ১৩ বছৰীয়া প্ৰতীক্ষাৰ পাছত আজি হৰিশ ৰানাই তেওঁৰ কষ্টদায়ক জীৱনৰ পৰা মুক্তি লাভ কৰিছে৷ তেওঁৰ পিতৃয়ে হাতযোৰ কৰি সংবাদমাধ্যমৰ আগত জনাইছে যে এই মুহূৰ্তত তেওঁ মন্তব্য ৰাখিব পৰা অৱস্থাত নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















